তিনিচুকীয়াঃ বিশ্ব কঁপাই যোৱা বাঘজান অইল বিস্ফোৰণ কাণ্ডই আজি সম্পূৰ্ণ কৰিলে পাঁচটা বৰ্ষ। তিনিচুকীয়া জিলাৰ বাঘজানত ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত বি জি এন-৫ তৈল কূপত অহৰহভাৱে গেছ নিৰ্গত হৈ ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
ঘটনাটো ইমানেই ভয়াৱহ আছিল যে সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। জুইত জাহ গৈছিল অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষী, ৰাষ্ট্ৰীয় সম্পদ শিহুকে ধৰি দুষ্প্ৰাপ্য হলৌ বান্দৰ। মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী (লোহিত) নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ শ শ বিঘা কৃষিভূমি।