পুণেঃ অন্ত পৰিল বাজাজ আৰু কাৱাছাকিৰ অংশিদাৰিত্ব৷ বাজাজে আজি সদৰী কৰিছে এই কথা৷ ১ এপ্ৰিলত অৱসান ঘটিব এই অংশিদাৰিত্বৰ৷ ২০০৯ ত "চেলছ এণ্ড চাৰ্ভিছ’’ খণ্ডত অংশীদাৰিত্বত আছিল এই দুই মটৰ চাইকেল নিৰ্মাণকাৰী প্ৰতিষ্ঠান৷ বাজাজে এই সম্পৰ্কে বিশেষ কাৰণ প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত৷

কাৱাছাকি মটৰ চাইকেলসমুহ ভাৰতত  "কেটিএম" ডিলাৰশ্বেপেৰ জৰিয়তে বিক্ৰী হৈ আহিছে৷  সমগ্ৰ দেশতে এনে ডিলাৰৰ সংখ্যা ৩০০৷ কাৱাছাকিয়ে এতিয়াৰ পৰা নিজৰ ডিলাৰেৰে মটৰ চাইকেল বিক্ৰী কৰিব বুলি প্ৰকাশ কৰিছে বাজাজে৷