ডিজিটেল ডেক্সঃ অতি জনবহুল তথা ঘনত্বৰ দৰিদ্ৰ ৰাষ্ট্ৰ বাংলাদেশ। দেশখনত বানপানীকে ধৰি প্ৰাকৃতিক দুৰ্যোগো বেছি। ইয়াৰ গঢ় উচ্চতা কম হোৱাৰ বাবে গোলকীয় উষ্ণতাৰ ফলত বৃদ্ধি পোৱা সমুদ্ৰপৃষ্ঠই বহু অঞ্চল প্লাবিত কৰে। সেয়ে প্ৰতি বছৰে ঘৰ-ভেটি হেৰুওৱা মানুহৰ সংখ্যাও সৰহ। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, দেশখনত আত্মহত্যা কৰা লোকৰ সংখ্যা উদ্বেগদনকভাৱে বৃদ্ধি পাইছে।
২০১৭ চনত বাংলাদেশত ১১,০৯৫ জন লোকে আত্মহত্যা কৰে। অৰ্থাৎ প্ৰতি দিনে গঢ়ে ৩০ জন মানুহে ভিন্ন কাৰণত আত্মহত্যা কৰে। অভাৱনীয়ভাৱে ২,৫৮৫ আত্মহত্যাৰ ঘটনাৰে এই তালিকাত বাৰিছাল নামৰ অঞ্চলটো শীৰ্ষত আছে।