তিনিচুকীয়াঃ বৰডিৰাক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ স্বচ্ছতাৰ দিশত অসম চৰকাৰে নিৰ্বাচিত কৰি জিলাখনৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰে৷ ৰাজ্যখনৰ স্বাস্থ্যকেন্দ্ৰসমূহ পৰিস্কাৰ আৰু পৰ্যাপ্ত সা-সুবিধা উপলব্ধ হোৱাৰ ক্ষেত্ৰত প্ৰতিখন স্বাস্থকেন্দ্ৰ চিকিৎসক কৰ্মচাৰীসকলৰ মাজত এক আন্তৰিকতা অনাৰ প্ৰচেষ্টাৰে চৰকাৰে আগবঢ়োৱা “কায়কল্প” বঁটা লাভ কৰিছিল এই চিকিৎসালয়খনে।
যোৱা ২৯ মাৰ্চ ২০১৭ তাৰিখে তিনিচুকীয়া জিলাৰ আশাকৰ্মী অভিৱৰ্তনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ২০১৬-২০১৭ বৰ্ষৰ উপৰোক্ত বঁটাতো স্বাস্থ্যকেন্দ্ৰটোৰ হৈ ডা৹ প্ৰণৱ দত্তই গ্ৰহণ কৰে৷ এই বঁটাত আছে এটা স্মাৰক, এখন মান পত্ৰসহ নগদ দুই লাখ টকা৷ বঁটাতো লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বৰডিৰাক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ সমূহ কৰ্মচাৰীৰ লগতে অঞ্চলবাসী৷ বঁটাটোৱে তেওঁলোকক স্বাস্থ্যকেন্দ্ৰটোৰ মৰ্যাদা অক্ষুণ্ণ ৰক্ষা লগতে ন-উদ্যমেৰে কাম কৰি যোৱাত সহায়ক কৰিব বুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে৷