গৰৈমাৰীঃ মঠ-মন্দিৰ আৰু বিদ্যালয়ৰ পিছতেই এই বাৰ চোৰৰ লক্ষ্য হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চলত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে চুৰি কাৰ্য। মাজে মাজে এখনৰ পিছত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিছে নগদ ধনকে ধৰি বিভিন্ন সা-সামগ্ৰী।
দক্ষিণ কামৰূপৰ ছয়গাঁও, বকো, পলাশবাৰী, বৰপেটা, আৰু নলবাৰী জিলাৰ বিভিন্ন চৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ লোকসকলৰ এক মাত্ৰ ব্যাৱসায়ীক কেন্দ্রস্থল গৰৈমাৰী বজাৰ। এই বজাৰ খনৰ গৰৈমাৰী আৰক্ষী চকীৰ নিচেই কাষতে থকা জিয়াৰুল হক নামৰ যুৱক এজনৰ মোবাইল দোকানত কেই দিন পূৰ্বে চুৰে এক ব্যাতিক্ৰমী কায়দাৰে চুৰি কার্য সংঘটিত কৰি কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী আৰু নগদ ধন লুট-পাত কৰাৰ ঘটনা মাৰ নৌযাওতেই পুনৰ যোৱা নিশা আন এক চুৰি কাণ্ড সংঘটিত হয়।