45
বাঘবৰঃ নেদেখিলে বিশ্বাস কৰিব নোৱাৰি যে এনেকুৱা পথো থাকিব পাৰে। বৰপেটা জিলাৰ সদৰ বৰপেটা সমষ্টিৰ চৰকপাৰা গাঁৱৰ পুখুৰী সদৃশ গড়কপ্টানী পথৰ দুৰৱস্থা দেখোতাজনেহে বিশ্বাস কৰিব পাৰিব।
জানিব পৰা মতে, মন্দিয়াৰ-পালহাজী সংযোগী গড়কাপ্তানী পথটো পাঁচ বছৰ পূৰ্বে বাৰিষাত ভাঙি যায়। তাৰ পিছৰ পৰাই গড়কপ্টানী পথটোৰে দৈনন্দিন বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিবলগা হ’ল স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সহ কেইবা সহস্ৰাধিক ৰাইজে।