ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্য সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু ‘টাইমছ নাউ’ৰ৷ চেনেলটোৰ প্ৰাক্তন মুখ্য সম্পাদক তথা ৰিপাব্লিক চেনেলৰ প্ৰতিষ্ঠাতা অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মুম্বাইৰ আজাদ মৈদান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে সংবাদ মাধ্যমটোৰ স্বত্বাধিকাৰী গোষ্ঠী বেন্নেট ক’লেমন কো লিমিটিডে চমুকৈ বিচিচিএল-এ৷
অৰ্ণৱ গোস্বামীৰ লগত চেনেলটোৰ প্ৰাক্তন সাংবাদিক প্ৰেমা শ্ৰীদেৱীৰ বিৰুদ্ধেও কপিৰাইট উলংঘন, পেটেন্ট ৰাইট ভংগৰ দৰে কেইবাটাও গোচৰ ৰুজু কৰিছে দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠীটোৱে৷ ভাৰতীয় দণ্ডাবিধিৰ অন্তৰ্গত ৩৭৯ ,৪০৩, ৪০৫, ৪০৬, ৪০৯, ৪১১, ৪১৪ আৰু ৪১৮ ধাৰাত গোচৰ ৰুজু হৈছে এই দুই সাংবাদিকৰ বিৰুদ্ধে৷