Home ৰাজ্যজন্মস্থানতে গুৰুজয়ন্তীৰ কাৰ্যসূচীক লৈ তীব্ৰ সমালোচিত বটদ্ৰৱা থান পৰিচালনা সমিতি

জন্মস্থানতে গুৰুজয়ন্তীৰ কাৰ্যসূচীক লৈ তীব্ৰ সমালোচিত বটদ্ৰৱা থান পৰিচালনা সমিতি

by News Desk
94 views
A+A-
Reset

newsnextone.com| নগাঁওঃ ঐতিহাসিক শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজিৰে পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আৰ্বিভাৱ মহোৎসৱ৷ কিন্তু থান পৰিচালনা সমিতিৰ কিছুমান সিদ্ধান্তই ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানখনৰ গৰীমাত আঘাত কৰিছে বুলি গুৰুত্ব অভিযোগ উঠিছে৷ বিগত প্ৰায় তিনিটা বছৰত পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ পৃষ্ঠপোষকতাত এটি বিশেষ ৰাজনৈতিক দলৰ “ডাম্পিং গ্ৰাউণ্ড” লৈ পৰ্যৱেক্ষিত হৈছে ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানখন৷ বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ এই গুৰুত্বৰ অভিযোগৰ প্ৰত্যক্ষ প্ৰমাণ দেখা গৈছে আজিৰ পৰা আৰম্ভ হোৱা গুৰুজয়ন্তীৰ কাৰ্যসূচীত৷ কিয়নো, তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত গুৰুজয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০ ছেপ্তেম্বৰত আয়োজিত ধৰ্মালোচনী সভালৈ মহাপুৰুষজনাৰ ওপৰত গৱেষনা কৰা গৱেষক, পণ্ডিত তথা ধৰ্মানুষ্ঠানৰ লগত জড়িত পুৰোধা ব্যক্তিসকলক আমন্ত্ৰণ জনাই গুৰুজনাৰ বিশাল ব্যক্তিত্ব, আদৰ্শ তথা প্ৰচাৰিত বৈষ্ণৱধৰ্মৰ সম্পৰ্কে বিশদভাৱে আলোচনা হ’ব লাগিছিল যদিও গুৰুজনাৰ জন্মস্থানখনিত গুৰুজয়ন্তীত আয়োজিত ধৰ্মালোচনী সভালৈ আমন্ত্ৰিত নহ’ল কোনো এজন গৱেষক, পণ্ডিত, আলোচক৷ 

ইয়াৰ পৰিৱৰ্তে কাৰ্যসূচীত স্থান লাভ কৰিলে শাসকীয় দলৰ মন্ত্ৰী, দলৰ সভাপতি, বিধায়ক তথা টিভি চেনেলৰ স্বত্তাধিকাৰী আদিয়েহে৷ আনকি শাসকীয় দলৰ মন্ত্ৰী, বিধায়কৰ বাহিৰে স্থানীয় সাংসদ তথা অন্যান্য বিৰোধী দলৰ কোনো ব্যক্তিক আমন্ত্ৰন জনোৱা নহ’ল গুৰুজয়ন্তীৰ কাৰ্যসূচীলৈ৷ এই বিষয়ে পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, এনেদৰে বিশেষ ৰাজনৈতিক নেতা-মন্ত্ৰীক গুৰুজয়ন্তীৰ ওপৰিও থানখনৰ বিভিন্ন কাৰ্যসূচীত পয়োভৰ ঘটোৱাত বিশেষ ভূমিকা পালন কৰিছে সমিতিখনৰ এজন বিষয়াই৷ এই বিষয়ত সমিতিৰ ভিতৰচ’ৰাতেই মতানৈক্যৰ সৃষ্টি হোৱা বুলিও জানিবলৈ দিয়ে একাংশ সদস্যই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0