Home ৰাজ্যএছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচ্ ৰ সোণপৰী পখিলা ইংতিপীক কাৰবি স্বায়ত্ত পৰিষদৰ বিপুল সম্বৰ্ধনা

এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচ্ ৰ সোণপৰী পখিলা ইংতিপীক কাৰবি স্বায়ত্ত পৰিষদৰ বিপুল সম্বৰ্ধনা

by News Desk
86 views
A+A-
Reset

newsnextone.com| ডিফুঃ এছিয়াত সোণ বুটলি ভাৰত তথা অসমৰ নয়ণৰ মণি হৈ পৰা অসম জীয়ৰী হিমা দাসৰ পিছতে সদ্য অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচৰ পৰা সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি অনা অসম তথা কাৰবি আংলঙৰ সোণপৰী পখিলা ইংতিপীৰ লগতে ব্ৰঞ্জৰ পদক বিজয়ী আন চাৰিগৰাকী খেলুৱৈকো আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠিনিক ভাৱে ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়৷ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পেছিফিক মাষ্টাৰ্ছ গেমচ্ ৰ সভাপতি, কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰবি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙ, আৰু কাৰবি পৰিষদৰ অধ্যক্ষ লংকি তিমুঙ, সাংসদ বিৰেণচিং ইংতি, কেইবাগৰাকী ইএম, এমএচি, পৰিষদৰ প্ৰধান সচিব, আৰু সচিব৷ 

মূখ্য অতিথি ভাষণত তুলিৰাম ৰংহাঙে কয় যে, ক্ৰীড়াৰ বাবে বৰ্তমান পৰিষদৰ বাজেট ৪ কোটি যদিও ২০১৮-১৯ বিত্তীয় বৰ্ষত ক্ৰীড়াপ্ৰেমী সকলক উৎসাহ যোগোৱাৰ বাবে ইয়াক আৰু ১ কোটি টকালৈ বৃদ্ধি কৰা হ’ব৷ সোণপৰী পখিলা ইংতিপীয়ে এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়াই কাৰবি পাহাৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে জিলাখনৰ ওৱেষ্ট ফৰেষ্ট ৰেঞ্জাৰ বিভাগত কৰি থকা ফৰেষ্ট গাৰ্ডৰ চাকৰিৰ পৰা বন বিষয়ালৈ পদোন্নতি দিয়াৰ লগতে ব্ৰঞ্জৰ পদক বিজয়ী জিলাখনৰ আন এগৰাকী খেলুৱৈ ৰাজেন ৰংপিকো কাৰবি স্বায়ত্ত পৰিষদৰ অধীনস্থ যিকোনো বিভাগত নিযুক্তি প্ৰদান কৰা হব বুলি ঘোষণা কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0