Printer-friendly version

মুম্বাইঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ চৰ্চিত ছবি ভাৰত ইতিমধ্যে মুকলি হয়৷ ছবিখনে যোৱা ৫ জুনত মুক্তি লাভ কৰে৷ 

সাতদিনত ছবিখনে মুঠ ১৬৭,৬০ কোটি টকা কমাবলৈ সক্ষম হয়৷ 

ছলমান খান আৰু কেটৰিণা কাঈফৰ ফিল্ম বকচ অফিচত সমাদৰ লাভ কৰে৷

‘ভাৰত’ চিনেমাখনে মুক্তিৰ প্ৰথম দিনাই ৪২.৩০ কোটি, দ্বিতীয় দিনা ৩১ কোটি, তৃতীয় দিনা ২২ কোটি আৰু চতুৰ্থ দিনা ২৬ কোটি টকা, পঞ্চম দিনা ২৭.৯০ কৌটি টকা লাভ কৰি আজি বুধবাৰে ১৬৭,৬০ কোটি টকা কমনি কৰে৷

উক্ত ছবিখন পৰিচালনা কৰে অলী অব্বচ জফৰে৷ চিনেমাখনৰ ছলমানৰ বিপৰীতে কেটৰিণা কাঈফ, দিশা পাটনানিৰ দেখা যাব৷ আনহাতে ছবিখন মুম্বাই, দিল্লী, পঞ্জাৱ, ইউ পি ঠাইত যথেষ্ট চৰ্চিত তথা সমাদৰ লাভ কৰিছে৷