ডিজিটেল ডেস্কঃ অৰ্ধশতাধিক প্ৰতিযোগীক চেৰ পেলাই ভেনিচত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগীতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বডিবিল্ডাৰ ভুমিকা শৰ্মা। 

ইনডিভিজুৱেল পজিং, বডি পজিং আৰু ফল ইন- এই তিনিওটা শাখাতে সৰ্বাধিক পইণ্ট লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই খিতাপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনি উৎফু্‌ল্লিত ভুমিকাৰ মন এইবাৰ গ্ৰেট বৃটেইনত অনুষ্ঠিত হ’বলগা মিছ ইউনিভাৰ্ছ চেম্পিয়নশ্বিপত। 

ভাৰতৰ ভাৰোত্তলনৰ জাতীয় দলটোৰ মুৰব্বী প্ৰশিক্ষক মাতৃ হন্স মনৰল শৰ্মাৰ জীয়ৰি ভুমিকাই ইতিমধ্যে ভাৰতৰ উত্তৰাখণ্ড চৰকাৰৰপৰা দ্ৰোণাচাৰ্য বঁটা পাইছে।