newsnextone| বিলাসীপাৰাঃ আগন্তুক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কেন্দ্ৰ কৰি এন এছ ইউ আইয়ে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় তথা কলেজৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিত অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক মস্তোফা জামান সামিমে ধুবুৰী জিলাৰ এন এছ ইউ আইৰ সহযোগত কেইবা দিনধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কমিটি গঠন কৰিবলগীয়া হৈছে।
এই উপলক্ষে কালি দুপৰীয়া ১ মান বজাত বিলাসীপাৰা বি এম জুনিয়ৰ কলেজৰ সাধাৰণ সভা যোগে কলেজ খনৰ ইউনিট কমিটি গঠন কৰা হয়। উক্ত সভাত অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক মস্তোফা জামান সামিম, কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন, ধুবুৰী জিলাৰ এন এছ ইউ আইৰ সাধাৰণ সম্পাদক হাৰুন অল ৰশিদ আৰু এন এছ ইউ আইৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলৰ উপস্থিতিত বিলাসীপাৰা বি এম জুনিয়ৰ কলেজৰ সভাপতি ফয়জাল হক আৰু আব্দুৰ ৰৌফক উপ-সভাপতি হিচাপে লৈ ৪০ জনীয়া ইউনিট কমিটি গঠন কৰা হয়।