Home ৰাজ্যওদালগুৰিত কৃষি বিপ্লৱেৰে স্বাৱলম্বীতাৰ প্ৰয়াস এজাক মহিলাৰ

ওদালগুৰিত কৃষি বিপ্লৱেৰে স্বাৱলম্বীতাৰ প্ৰয়াস এজাক মহিলাৰ

by News Desk
79 views
A+A-
Reset

newsnextone.com| ওদালগুৰিঃ ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি এইবাৰ কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ সপোন দেখিছে ওদালগুৰিৰ এখন অতি ভিতৰুৱা গাওঁৰ এজাক মহিলাই। কেৱল সপোন দেখাই নহয়, নিজ হাতৰ পৰশত জীপাল হৈ উঠা শস্যৰ পৰা আৰ্থিকভাৱেও লাভৱান হৈছে এইজাক মহিলাই। ফলত পুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়া পৰ্যন্ত নিজ কৃষিকৰ্মত ব্যস্ত থাকে মহিলাসকলে।

ওদালগুৰি ফাৰ্মাৰ্চ কো: অ: চোছাইটিৰ নেতৃত্বত এজাক ৬০ জনীয়া মহিলাৰ দল এতিয়া ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত। ২০১৬ চনত জন্ম লাভ কৰা এই চোছাইটিটোৱে প্ৰথমাৱস্থাত ওদালগুৰিৰ বাদাগাওঁ, মাজখুটি, নলবাৰী অঞ্চলৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী মধ্যভুগীৰ বিলুপ্তি ঘটাই কৃষকক উচিত মূল্য প্ৰদানেৰে গুৱাহাটীৰ পামহী পাইকাৰী বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ সমসাময়িকভাৱে সংস্থাটোৱে ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। এইক্ষেত্ৰত সংস্থাটোক যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় আৰু তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰ‌ই বিশেষভাৱে সহায় কৰা বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0