56
বিশ্বনাথঃ বিশ্বনাথৰ বামগাঁওৰ যোৱাকালিৰ পৰা সন্ধানহীন হৈ থকা পাপৰি বৰুৱা নামৰ মহিলা এগৰাকীৰ মৃতদেহ আজি কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সমীপৰ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে প্ৰায় ৪০ বছৰীয়া পাপৰি বৰুৱাই যোৱাকালি বিশ্বনাথ চাৰিয়ালিৰ কোনোবা এটা বেঙ্কলৈ ধন উলিয়াবলৈ গৈছিল৷ বেঙ্কৰ পৰা নগদ ধন উলিওৱাৰ পিছত দিনৰ ২ বজাৰ পিছৰ পৰা পাপৰি বৰুৱা সন্ধাহীন হৈ আছিল৷