newsnextone.com | ওদালগুৰিঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ ৰাজ্যিত সভাপতি ৰঞ্জিৎ দাসে অহা ৩০ জুনত ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হ’ব বুলি মত ব্যক্ত কৰে৷ এই ভয়ংকৰ ঘটনাৰ আগজাননী বিজেপিৰ হাতত আছে বুলি কয়। কাইলৈ সংবাদমেল যোগে সকলো কথা স্পষ্ট কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত মাথো কেইটিমান দল-সংগঠনেহে প্ৰতিবাদ কৰি আছে, কিন্তু ৰাইজে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই।
অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস শনিবাৰে বিজেপিৰ সাংগঠনিক কামৰ বাবে ওদালগুৰিলৈ আহি ওদালগুৰি আৱৰ্ত ভৱনত স্থানীয় সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লৈ বিস্ফোৰক মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে আগন্তুক ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ সময়তে ৰাজ্যত সংঘটিত হ’ব কেতবোৰ ভয়ংকৰ ঘটনা। যিবোৰ ঘটনাৰ আগজাননী ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে।