Home ৰাজ্যহাগ্ৰামা-প্ৰমোদক ৰিমোট কণ্ট্ৰ’ল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে বিজেপিয়েঃ গৌৰৱ গগৈ

হাগ্ৰামা-প্ৰমোদক ৰিমোট কণ্ট্ৰ’ল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে বিজেপিয়েঃ গৌৰৱ গগৈ

কংগ্ৰেছে ইউপিপিএল দলৰ ক্ষতি কৰিব নোৱাৰে বুলি প্ৰমোদ বড়োৰ প্ৰত্যুত্তৰ

by News Next One
A+A-
Reset

কোকৰাঝাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণ উপলক্ষে আজি কংগ্ৰেছে জিলাখনৰ বাওখুংগ্ৰী সমষ্টিৰ আদাবাৰীত এক জনসভা অনুষ্ঠিত কৰে। উক্ত জনসভাৰ অন্তত গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে স্থানীয় বড়ো নেতৃত্বক বিজেপিয়ে সন্মান নকৰে। বড়ো নেতৃত্ব বিশেষকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক ৰিমোট কণ্ট্ৰ’ল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তেওঁলোকে বিচাৰে যে দুয়োজনে আঁঠুকাঢ়ি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰক। প্ৰকৃততে বিজেপি দলৰ নীতি সেয়াই, যাৰ লগত হাত মিলায় তাকে দুৰ্বল কৰায় বিজেপিয়ে আৰু ইয়াৰ অন্যতম উদাহৰণ হৈছে অগপ। বৰ্তমান অগপৰ অৱস্থা তেনেকুৱাই হৈছে।

গৌৰৱ গগৈয়ে গৌৰৱেৰে কয় যে কংগ্ৰেছ হ’ল স্বাধীনতা আন্দোলনৰ পৰা জন্ম হোৱা দল। ৰাজনৈতিকভাৱে ত্যাগ কৰিব জানে কংগ্ৰেছ দলে। পূৰ্বতে ৰাজ্য আৰু কেন্দ্ৰত থকাৰ পিছতো আমি ত্যাগ কৰিলো বুলি মন্তব্য কৰি স্থানীয় নেতৃত্বক সন্মান কৰা বুলিও দাবী কৰে গৌৰৱ গগৈয়ে। আনহাতে সভাত গৌৰৱ গগৈয়ে কয় যে এতিয়া কংগ্ৰেছৰ কাৰ্যসূচীৰ পিছত কংগ্ৰেছবিৰোধীৰ বিপি বাঢ়ি গৈছে। বিৰোধীয়ে ভয় কৰা আৰম্ভ কৰোঁতেই বুজিব পাৰি যে কংগ্ৰেছ শক্তিশালী হৈছে।

কংগ্ৰেছে সদায় জনতাৰ লগত থাকি কাম কৰে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে পৰ্বতঝোৰাত আমি স্থানীয় ৰাইজৰ মনোবল বৃদ্ধি কৰিবলৈহে আহিছিলো। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে পৰ্বতঝোৰাৰ প্ৰকল্পক লৈ প্ৰকল্পটো পৰ্বতঝোৰাৰ সলনি ধুবুৰী নাইবা গোৱালপাৰাত স্থানান্তৰ কৰাৰ ইংগিত প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ কথাৰ ভৰসা নাই বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ মিছা কথা কয়। নিৰ্বাচনৰ আগত এখোজ পিছুৱাই গৈছে কিন্তু নিৰ্বাচনৰ পিছত আকৌ দুখোজ আগবাঢ়িব বুলি মন্তব্য কৰি নিৰ্বাচনৰ পিছত পুলিচ লগাই আকৌ ভূমি দখল কৰিব পাৰে বুলি মত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। ভূমি পট্টা দিব বুলি ভূমি কিন্তু মামা-মামী, আদানি-আম্বানিকহে দিব বুলি মত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

আনহাতে আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অৱস্থা কি বুলি প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰত ভোল নাযাবলৈ আহ্বান জনাইছে। বিটিচিৰ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী সাজু হৈ আছে বুলি ভাষণত উল্লেখ কৰি সমষ্টিসমুহত পৰ্যবেক্ষক আহি ৰাইজৰ লগত আলোচনা কৰাৰ অন্ততহে সকলো চালি-জাৰি চাই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।  এয়াই মোৰ শেষ কোকৰাঝাৰ ভ্ৰমণ নহয়, মই আকৌ আহিম বুলি গৌৰৱ গগৈয়ে প্ৰতিশ্ৰুতি দি কোকৰাঝাৰ ভ্ৰমণ সামৰি বিয়লিৰ ভাগত গুৱাহাটীলৈ ৰাওনা হয়।

ইফালে, বাওখুংগ্ৰী সমষ্টিৰ অন্তৰ্গত নায়েকগাঁৱৰ কাক্ৰিঘোলাত আজিৰ দিনটোতে আৰু প্ৰায় একেটা সময়তে ইউপিপিএলৰ পূৰ্ব নিৰ্ধাৰিত হিতাধিকাৰীৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কেন্দ্ৰ, ৰাজ্য আৰু বিটিচি পৰিষদীয় চৰকাৰৰ জনমুখী আঁচনিসমুহৰ বিস্তাৰিত বিবৰণ দি যোগ্য কোনো হিতাধিকাৰী যাতে আঁচনি তালিকাৰ পৰা বাদ নপৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে গৌৰৱ গগৈ আৰু হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে সদায় ওলোটা কথা কয় বুলি মন্তব্য কৰে। এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফ দলে দুই-তিনিখনহে আসন পাব পাৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ সমষ্টিটোও এইবাৰ হেৰুৱাব বুলি মন্তব্য কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণে ইউপিপিএল দলৰ ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰি বড়োলেণ্ড এলেকাত কংগ্ৰেছৰ দলীয় আৰু সাংগঠনিক স্থিতি নাই বুলি মত পোষণ কৰে। বহু আগতেই তেওঁলোকে ছাৰেণ্ডাৰ কৰিছে বুলি মন্তব্য কৰি শান্তি আৰু উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে। ইপিনে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে প্ৰতিবাদ অব্যাহত থাকিলে তাপ-বিদ্যুৎ প্ৰকল্পৰ স্থান সলনি কৰা হ’ব বুলি ঘোষণাৰ পিছত আজি প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰমোদ বড়োৱে কয় যে তাপ-বিদ্যুৎ প্ৰকল্পক লৈ একাংশই ৰাজনীতি কৰিছে। যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকে কল্পনাও কৰিব নোৱাৰে ২০ হাজাৰ কোটি টকাৰ ইনভেষ্ট আৰু কেতিয়া আহিব। প্ৰকল্প স্থাপন হ’লে ৮ ৰ পৰা ১৮ হাজাৰ লোকে সংস্থাপন পাব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে আমাৰ ল’ৰা-ছোৱালীবোৰ কাম কৰিবলৈ গুজৰাট, কেৰালা, হাৰিয়ানালৈ যায়। তাত তেওঁলোক বহু পৰিমাণে অসুৰক্ষিত। প্ৰকল্প স্থাপন হ’লে তেওঁলোকে ইয়াতেই কাম কৰিব পাৰিব। উজনি অসমত বহু উদ্যোগ হ’ল কিন্তু নামনিত উদ্যোগ নাই বুলিবই পাৰি বুলি মন্তব্য কৰি আজিৰ দিনত বিআৰপিএল বা ছালাকাটিৰ এনটিপিচিৰ প্ৰকল্প হোৱা হ’লেও একাংশই বিৰোধিতা কৰিলেহেঁতেন বুলি মন্তব্য কৰে।

কথাবোৰ বহুতেই বুজি পাইছে, বহুতেই বুজি পোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ যিকোনো ঠাইত প্ৰকল্পটো দিব পাৰিলহেঁতেন৷ কিন্তু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ ইয়াত প্ৰস্তাৱ দিছে আৰু তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য কৰে। ৰাইজৰ স্বাৰ্থত প্ৰকল্পৰ মেপ তিনিবাৰ সলোৱা হ’ল, কাৰো এবিঘাও মাটি যোৱা নাই৷ বৰং গাঁৱৰ ফালে ১৫০ বিঘা মান মাটি ৰাখি থোৱা হৈছে বুলি মন্তব্য কৰি প্ৰকল্পৰ স্থান বাতিল হোৱা নাই আৰু প্ৰকল্পটো অইন ঠাইৰ সলনি বড়োলেণ্ডতে ৰখাৰ পোষকতা কৰে প্ৰমোদ বড়োৱে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0