newsnextone.com | কাজিৰঙাঃ নীপকোৱে প্ৰকল্পৰ গেটেৰে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত মহা প্ৰলয়ৰ সৃষ্টি কৰিছিল। জিলা খনৰ নুমলীগড়ত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যদিও দেওবাৰে পুৱাৰে পৰা বান পৰিস্থিত ক্ৰমান্বয়ে উন্নত হ’ব ধৰিছে। যোৱা ৬ দিনেই ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছিল। ওখ ঠাই বিচাৰি, অন্ন-বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।
সম্পূৰ্ণ যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী বাগৰি থকাত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা খহিব ধৰাত আতংকিত হৈ পৰিছিল। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিছিল ঘাইপথৰ পকী দলঙৰ এটা অংশ। ফলত ২ আগষ্টৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতৰ গোলাঘাট জিলাৰ বানৰ কৱলত পৰা অংশত প্ৰশাসনে যান-বাহনৰ চলাচল বন্ধ কৰিছিল।