বিশেষ সংবাদঃ ১৯৯০ চনত অসমত বলৱৎ কৰা হৈছিল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA। তেতিয়াৰে পৰা বৰ্তমানো অসমত প্ৰযোজ্য হৈ আছে উক্ত আইন। যোৱা ২৮ আগষ্টত পুনৰ ৰাজ্য চৰকাৰে সমগ্ৰ অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি উক্ত আইনৰ ম্যাদ আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰে। অসমৰ লগতে উত্তৰ-পূবৰ মণিপুৰসহ কেবাখনো ৰাজ্যত বৰ্তমানো প্ৰযোজ্য হৈ আছে এই AFSPA। ২০০০ চনৰ ৫ নৱেম্বৰত AFSPAৰ বিৰোধিতাৰে মণিপুৰত আমৰণ-অনশন আৰম্ভ কৰিছিল লৌহ মানৱী ইৰম শৰ্মিলাই।
AFSPAৰ দৰে ক’লা আইন অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে লাগি থকা ৩খনকৈ ৰাজ্য সন্দৰ্ভত আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। এই সিদ্ধান্ত অনুযায়ী অসম, পঞ্জাৱ আৰু পশ্চিমবংগত সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফক পূৰ্বতকৈ অধিক ক্ষমতা প্ৰদান কৰা হ’ব। ৰাজ্য তিনিখনত বিএছএফে এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা অঞ্চলত স্থানীয় আৰক্ষীৰ অনুমতি অবিহনেই গ্ৰেপ্তাৰ, সামগ্ৰী জব্দ আৰু তালাচী অভিযান চলাব পাৰিব। অসম, পঞ্জাৱ আৰু পশ্চিমবংগৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্য জম্মু-কাশ্মীৰ আৰু লাডাখতো এই ক্ষমতা লাভ কৰিব বিএছএফে।