কোকৰাঝাৰঃ কৰ’না ভাইৰাছক লৈ দেশজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰাৰ সময়তে বিটিএডিত দেখা গৈছে এক সুকীয়া পৰিৱেশ। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা মনোনয়ন পত্ৰ দাখিলকে আদি কৰি নিৰ্বাচন সংক্ৰান্তীয় একাধিক কাৰ্য-কলাপৰ বাবে সমবেত হোৱা দেখা গৈছে অসংখ্যাজনক। বুধবাৰৰ দিনটোতো কোকৰাঝাৰত দেখা গ’ল একেই পৰিৱেশ। বিপিএফৰ দূৰ্গ হিচাপে খ্যাত কোকৰাঝাৰ জিলাৰ কেবাটাও পৰিষদীয় সমষ্টিত আজি সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে বিজেপিৰ প্ৰাৰ্থীসকলে।
ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে আৰু ছালাকাটি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কবিতা বসুমতাৰীয়ে আজি হাজাৰ হাজাৰ সমৰ্থকক লৈ পৰস্পৰাগত নৃত্য বাদ্যৰে বিশাল সমদল কৰি নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে।বিজেপিৰ দ্বাৰা ঘোষিত ২৬ জনীয়া তালিকাৰ ভিতৰৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থকসকলে তিতাগুৰীৰ প্ৰাৰ্থীৰ বাসভৱনৰ পৰা বিশাল শোভাযাত্ৰা কৰি কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি মনোনয়নপত্ৰ দাখিল কৰে ।