Home অন্যান্য খবৰচিলাপথাৰ কাণ্ডক গৰিহণা হাগ্ৰামাৰ, দোষীক শাস্তিৰ দাবী

চিলাপথাৰ কাণ্ডক গৰিহণা হাগ্ৰামাৰ, দোষীক শাস্তিৰ দাবী

by News Desk
62 views
A+A-
Reset

কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি উচিত তদন্তৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। অাজি বডোফা নগৰৰ বড়োলেণ্ড অতিথিশালাত অায়োজিত হোৱা এক সংবাদমেলত বিটিচি প্ৰধানজনে চিলাপথাৰ কাণ্ডক গৰিহণা দি কয় যে অসমত সকলো জাতি-জনগোষ্ঠীয়ে যুগ যুগ ধৰি শান্তি-সম্প্ৰীতি আৰু সমন্বয় তথা ভাতৃত্ববোধেৰে বসৱাস কৰি অাহিছে। তেনেক্ষেত্ৰত চিলাপথাৰ কাণ্ডই এক অশুভ বাৰ্তা বহন নকৰে। চিলাপথাৰ কাণ্ডই যাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সমন্বয়ৰ বান্ধোন দুৰ্বল নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সকলো দল-সংগঠনলৈ অাহ্বান জনায় মহিলাৰীয়ে।

কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত অায়োজিত সংবাদমেলত মহিলাৰীয়ে বাংলাদেশী বিদেশীৰ সংস্থাপনৰ বিৰোধীতা কৰি বিদেশীৰ শ্ৰেণী বিভাজনৰ ধাৰণাক নাকচ কৰে। বিদেশী বিদেশীয়েই বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে তাত ধৰ্মৰ ভিত্তিত শ্ৰেণীবিভাজনৰ প্ৰশ্ন নাহে। অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক অাইন অনুযায়ী নাগৰিকত্ব প্ৰদান কৰিলে বিদেশী সমস্যাৰ সমাধান হোৱাৰ উপৰিও বিভ্ৰান্তিৰো অন্ত পৰিব বুলি মত ব্যক্ত কৰে মহিলাৰীয়ে। তদুপৰি চৰকাৰক শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিটিচি প্ৰধানজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0