ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালৰ অন্তিম খন বাজেট ০১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰে৷ অন্তিমখন পূৰ্ণ বাজেটে দেশৰ কৃষক, দৰিদ্ৰ, খাতিখোৱা নিৱনুৱা, গৃহিনী, সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আশাৰ নতুন সঞ্চাৰ কঢ়িয়াই আনিব বুলি চৰকাৰে বিভিন্ন মাধ্যম যোগে প্ৰচাৰ চলাই আহিছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনত অংশ লৈ সাধাৰণ শ্ৰেণী মধ্য বিত্ত লোকৰ কথা কৈ জনসাধাৰণৰ কল্যাণৰ বাবে এই বাজেটে বুলি কৈছিল৷ একাংশ মাধ্যম যোগে চৰকাৰে খনে বাজেট যোগাত্মক বুলি প্ৰচাৰ চলাই থকাৰ সময়তে দেশৰ বিভিন্ন দল-সংগঠনে মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়৷