এক ঐতিহাসিক মূহূৰ্তলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল সমগ্ৰ বিশ্বই৷ চলিত বৰ্ষৰ ২২ জুলাইত ইছৰ’ই দিনৰ ২.৪৩ বজাত  শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিছিল চন্দ্ৰযান–২। ৭ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে নিশা ডেৰ বজাৰ পৰা আঢ়ৈ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা আছিল চন্দ্ৰযানৰ লেণ্ডাৰ ‘বিক্ৰম’-ৰ৷  লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টাৰ পিছত অৰ্থাৎ শনিবাৰে পুৱা ৫.৩০-৬.৩০ৰ ভিতৰত বাহিৰলৈ ওলাই অহাৰ কথা আছিল ৰ’ভাৰ ‘প্ৰজ্ঞান’। ‘বিক্ৰম’ৰ অৱতৰণ সুনিশ্চিত কৰিবৰ বাবে চন্দ্ৰযানত লেণ্ডাৰ পজিশ্যন ডিটেকছন কেমেৰা, লেণ্ডাৰ হ’ৰাইজেণ্টেল ভেল’ছিটি কেমেৰা, লেণ্ডাৰ হজাৰ্ডছ ডিটেকছন এণ্ড অবিয়েণ্ডছ কেমেৰাকে ধৰি মুঠ তিনিটা কেমেৰা আৰু দুটা কে.এ বেণ্ডৰ আল্টিমিটাৰ-১ আৰু আৰু আল্টিমিটাৰ-২ সংযোগ কৰা হৈছে৷

 

কিন্তু দেশবাসীৰ বাবে আহিল দুখবৰ। চন্দ্ৰপৃষ্ঠ পোৱাৰ পূৰ্বে Fine braking phase পাওতে ঘটিল অঘটন। দৰাচলতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থকাৰ সময়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়।  ১.১৫ বজাৰ পৰা আৰম্ভ হোৱা এই জটিল প্ৰক্ৰিয়াৰ ২৬.০১ মিনিটৰ পাছতে ইছৰ’ৰ বিজ্ঞানীসকলে উমান পাইছিল এই আঁসোৱাহৰ। ইছৰ’ৰ অধ্যক্ষ কে শিৱনে এই বিষয় সন্দৰ্ভত অৱগত কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। অৱশেষত ইছৰ’ৰ অধ্যক্ষ কে শিৱানেও কৰিলে আনুষ্ঠানিক ঘোষণা। এতিয়াও বিক্ৰমৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা চলাই আছে বিজ্ঞানীসকলে। 

 

প্ৰধানমন্ত্ৰীৰ কান্ধত মুৰ থৈ হুকহুকাই কান্দিলে ইছৰ’ৰ অধ্যক্ষইঃ


বাংগালুৰুস্থিত ইছৰ’ৰ মুখ্য কাৰ্যালয়ত শনিবাৰে পুৱা উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে ইছৰ’ বিজ্ঞানীসকলক। কাৰ্যালয়ৰ পৰা মোডী ওলাই অহাৰ সময়ত আৱেগিক হৈ প্ৰধানমন্ত্ৰীৰ কান্ধত মুৰ থৈ হুকহুকাই কান্দিলে ইছৰ’ৰ অধ্যক্ষ কে শিৱনে। আৱেগিক কে শিৱনক মোডীয়ে সাৱটি ধৰি পিঠিত হাত বুলাই সাহস দি ভাগি নপৰিবলৈ আহ্বান জনায়৷ 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশবাসীক সম্বোধনঃ

 

‘‘জীৱনত উত্থান–পতন থকাতো স্বাভাৱিক৷ এয়া সৰু–সুৰা কৃতিত্ব নহয়, দেশ আপোনালোকক লৈ গৰ্বিত। আকৌ এবাৰ সংযোগ স্থাপন হ’ব পাৰে গতিকে আশা একেবাৰে হেৰাই যোৱা নাই। মোৰ ফালৰ পৰা বিজ্ঞানীসকললৈ অফুৰন্ত শুভেচ্ছা। আপোনালোকে বিজ্ঞান আৰু মানৱ জাতিৰ বাবে বহু অৱদান আগবঢ়ালে। মই সম্পূৰ্ণৰূপে আপোনালোকৰ লগত আছো, সাহস বান্ধি আগবাঢ়ক।’’ ইছৰ’ৰ বিজ্ঞানীসকলক উদ্দেশ্য এই ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷ শনিবাৰে নিশা চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সম্পূৰ্ণ মিচনৰ সন্দৰ্ভত শনিবাৰে পুৱা ৮ বজাত ইছৰ’ৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰে।

 


চন্দ্ৰযানৰ ফলাফল যিয়ে নহওক, কিন্তু মই সদায় দেশৰ বিজ্ঞানী আৰু অভিযন্তাসকলক লৈ গৌৰৱ কৰো। মই আপোনালোকৰ লগত আছো। সমগ্ৰ দেশ আপোনালোকৰ লগত আছে।’ ভাষণত মোডীয়ে লগতে কয়, ‘সবাটোকৈ ডাঙৰ শিক্ষক হৈছে বিজ্ঞান। বিজ্ঞানত বিফলতা নাথাকে, থাকে মাথো নতুন উদ্ভাৱনৰ চিন্তা। চন্দ্ৰযানৰ অন্তিম ফলাফল ভাল নহ’লেও আমি মনত ৰাখিব লাগিব যে এই যাত্ৰা আমাৰ বাবে আছিল এক গৌৰৱৰ যাত্ৰা। লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হ’লেও চন্দ্ৰযান-২ত সংলগ্ন অৰ্বিটাৰেৰে আমাক সকলো খবৰ দি থাকিব।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণৰ সামৰণি মাৰে ভাৰত মাতাৰ জয় ধ্বনিৰে৷ 

 

আশা আছে এতিয়াওঃ

 

ইছৰ’ৰ সকলো কৰ্মকতাৰ মুখত এতিয়া হতাশাৰ চিন স্পষ্ট। লেণ্ডাৰ বিক্ৰমৰ সৈতে তেওঁলোকে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে সমগ্ৰ দেশবাসীৰ মনত যেন এতিয়া শোকৰ ছাঁ। কিন্তু এতিয়াও আশা একেবাৰে শেষ হোৱা নাই, কিয়নো অব্যাহত থাকিব এই যাত্ৰা। লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে যদিও আশা এৰি দিয়া নাই বিজ্ঞানীসকলে৷ চন্দ্ৰৰ ৰহস্য ভেদ কৰাত পিছ পৰি নৰয় ভাৰত। কিয়নো চন্দ্ৰৰ কক্ষপথত থকা চন্দ্ৰযান-২ৰ সৈতে সংলগ্ন আৰ্বিটাৰে আগন্তুক ১ টা বছৰলৈকে চন্দ্ৰৰ বহু ৰহস্য ফাদিল কৰিব। 


২৩৭৯ কেজি ওজনৰ এই আৰ্বিটাৰৰ আয়ুস হৈছে ১ বছৰ। এই আৰ্বিটাৰৰ জৰিয়তেই চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ সৈতে যোগাযোগ কৰে বিজ্ঞানীসকলে। ইছৰ’য়ে জনোৱা অনুসৰি বৰ্তমান এই আৰ্বিটাৰৰ সৈতে যোগাযোগ সম্পুৰ্ণৰূপে সুচল। উল্লেখ্য যে, আৰ্বিটাৰৰ সৈতে সংলগ্ন আছে চন্দ্ৰক ডিজিটেল মডেল তৈয়াৰ কৰি আলোকচিত্ৰ গ্ৰহণ কৰিব পৰা মেপিং কেমেৰা। ইয়াৰ জৰিয়তেই চন্দ্ৰৰ সকলো প্ৰয়োজনীয় আলোকচিত্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰে আৰ্বিটাৰে। 

 

বিক্ৰম আৰু প্ৰজ্ঞানঃ


চন্দ্ৰযানৰ লেণ্ডাৰ ‘বিক্ৰম’-ৰ নামকৰণ কৰা হৈছে ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী তথা  ‘founder of the Indian space programme’ বুলি জনাজাত বিক্ৰম ছাৰাভাইৰ নামেৰে৷ ৰ’ভাৰ ‘প্ৰজ্ঞান’ নামটো Wisdom অৰ্থাৎ বিশ্ববাসীক জ্ঞান-গৰিমাৰে সমৃদ্ধ কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে৷

 

কি আছিল প্ৰত্যাহ্বানঃ

 

অৱতৰণৰ অন্তিম ১৫ মিনিট চন্দ্ৰযান–২ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছিল৷ কিন্তু তাৰ আগতেই স্থবিৰ বিক্ৰম৷ এতিয়ালৈ ১০৯টা চন্দ্ৰ অভিযানৰ ভিতৰত ৪১টা বিফল হৈছে। সেয়েহে  চন্দ্ৰযান–২ৰ অভিযান এক বৃহৎ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছিল৷  ইছৰোৱে জনোৱা মতে শনিবাৰে নিশা ডেৰ বজাৰ পিছত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি প্ৰতি ছেকেণ্ডত প্ৰায় ৬ কিলোমিটাৰ হোৱাৰ কথা আছিল। অৰ্থাৎ প্ৰতিঘণ্টাত ২১৬০০ কিলোমিটাৰ, যি নেকি এখন বাণিজ্যিক বিমানৰ গতিতকৈ ৩০–৪০ গুণ বেছি।

 

অৱতৰণৰ অন্তিম ১৫ মিনিটত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি প্ৰতি ছেকেণ্ডত ৬ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি প্ৰতি ছেকেণ্ডত ২ মিটাৰ কৰাৰ প্ৰয়োজন আছিল৷ অৰ্থাৎ প্ৰতিঘণ্টাত ৭ কিলোমিটাৰ। হঠাৎ কিলোমিটাৰৰ পৰা মিটাৰলৈ গতি হ্ৰাস কৰাটোৱে আছিল ইছৰোৰ বিজ্ঞানীসকলৰ বাবে হ’ব বৃহৎ প্ৰত্যাহ্বান। মহাকাশত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি হ্ৰাস কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল  থ্ৰাষ্টাৰ। ইয়াৰ দ্বাৰা মহাকাশযানৰ গতি বৃদ্ধি কৰা হয়। কিন্তু ওলোটাকৈ ইয়াৰ ব্যৱহাৰৰ ফলত মহাকাশ যানৰ গতি হ্ৰাস হয়। থ্ৰাষ্টাৰে কাম কৰিব নে নাই সেই লৈ ১০০ শতাংশ নিশ্চিত হব পৰা নাছিল বিজ্ঞানীসকল৷ 

 

আনহাতে কি স্থানত লেণ্ডাৰ ‘বিক্ৰম’–এ অৱতৰণ কৰিব সেয়াও নজৰ ৰাখিব লগীয়া হৈছিল বিজ্ঞানীসকলে। অৰ্থাৎ সেই স্থান সমতল হয়নে নহয় তাৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছিল। লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টা পিছত বাহিৰলৈ অহাৰ কথা আছিল ৰ’ভাৰ ‘প্ৰজ্ঞান’। প্ৰজ্ঞানে ‘এক চন্দ্ৰ দিৱস’ অৰ্থাৎ পৃথিৱীৰ সময় হিচাপত ১৪ দিন চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক কাম-কাজ সম্পাদন কৰিব৷ সময়মতে ৰ’ভাৰ ‘প্ৰজ্ঞান’ বাহিৰলৈ ওলাই আহিবনে নাই তাকলৈও চিন্তিত হৈ আছিল ইছৰ’৷

 

গুৰুত্ব কিঃ


চন্দ্ৰযান-২ৰ অভিযান সফল হ’লে আমেৰিকা, ৰুছ আৰু চীনৰ পাছতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হ’ব৷ আনহাতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ এতিয়ালৈকে কোনো দেশেই যান প্ৰেৰণ কৰা নাই৷ এইক্ষেত্ৰত সৰ্বপ্ৰথমেই নাম আহিব ভাৰতৰ৷ ইছৰ’ই চন্দ্ৰৰ দক্ষিণ মেৰু নিৰ্বাচন কৰিছিল চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমৰ ছফট লেণ্ডিঙৰ বাবে৷ কিন্তু চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ কিছুসময়ৰ পূৰ্বেই লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ইছৰ’ৰ৷ 

 

এই দক্ষিণ মেৰুতে ২০০৮ চনৰ ১৪ নৱেম্বৰত 'মুন ইম্পেক্ট প্ৰব’ চন্দ্ৰযানৰ পৰা বিচ্ছিন্ন হৈ আশা কৰা ধৰণে ইছোৰৰ নিয়ন্ত্ৰণত থাকিয়েই দক্ষিণ মেৰুত খুন্দা মাৰিছিল। ইয়াৰ লগে লগে জোনৰ বুকুত জয়ধ্বজা স্থাপন কৰা চতুৰ্থখন দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল ভাৰত। চন্দ্ৰযান-১ৰ আন এক উল্লেখনীয় সফলতা আছিল চন্দ্ৰৰ মাটিত পানীৰ অণুৰ ব্যাপক উপস্থিতিৰ সম্ভেদ লাভ। চন্দ্ৰযান-১-এ দক্ষিণ মেৰুৰ পৰা প্ৰেৰণ কৰা তথ্যৰ ভিত্তিতে চন্দ্ৰযান-২ৰ ৰ’ভাৰ প্ৰজ্ঞানে পুনৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ কথা আছিল। অৱশ্যে যাত্ৰাৰ আৰম্ভণিতে বিফল হ’লেও লেণ্ডাৰৰ সৈতে এতিয়াও সংযোগ স্থাপনৰ চেষ্টা চলাই আছে ইছৰ’ই। চন্দ্ৰলৈ বুলি প্ৰেৰণ কৰা ভাৰতৰ এই দ্বিতীয়খন যানে পৃথিৱীলৈ কি বাৰ্তা প্ৰেৰণ কৰে তাক জানিবলৈ এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে বিজ্ঞানীসকল।

 

চন্দ্ৰযান-১ৰ পথেৰেই চন্দ্ৰযান-২

 

লেণ্ডাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন মানেই এয়া নহয় যে ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান ব্যৰ্থ হ'ল। প্ৰকৃততে  এই অভিযান সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা নাই। ২০০৮ৰ প্ৰথমটো চন্দ্ৰ অভিযানতো সেয়াই হৈছিল। চন্দ্ৰযান-১ দুবছৰৰ বাবে কক্ষপথত থাকি পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰি থকাৰ কথা আছিল যদিও এবছৰ নৌহওতেই ইছৰোৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। এইবাৰো সেয়াই হ'ল, লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। কিন্তু কক্ষপথত অৱতৰণ কৰিবলগীয়া যানখনে পৃথিৱীলৈ আন তথ্যসমূহ প্ৰেৰণ কৰিয়েই থাকিব। সেয়ে বিজ্ঞানীমহলে কৈছে যে এয়া ইছৰোৰ পৰাজয় সত্বেও একপ্ৰকাৰৰ জয়! চন্দ্ৰযান-১ৰ বিষয়ে জানিবলৈ আমাৰ পূৰ্বৰ বাতৰিটো পঢ়ি চাব পাৰে। বাতৰিটো পঢ়িবলৈ ইয়াত ক্লিক কৰকঃ জোনৰ বুকুত পানীৰ সম্ভেদ দি ক'ত হেৰাই গৈছিল চন্দ্ৰযান-১

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us