newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত বৃদ্ধি পাইছে ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনা৷ একাংশ পাষণ্ড লোকে শিশুৰ পৰা বৃদ্ধালৈ ধৰ্ষণ কৰি সভ্য সমাজক লজ্জানত কৰিছে৷ কোনো অভিযুক্তই যদি বলপূৰ্বক ভাৱে নাৰীক লালসাৰ স্বীকাৰ কৰি লৈছে, আন একাংশই আকৌ প্ৰলোভন, চল-কৌশলেৰে নাৰীৰ সতীত্ব আজুৰি আনিছে৷
সমগ্ৰ দেশত এনেবোৰ ঘটনাই কু প্ৰভাৱ পেলাই থকাৰ সময়তে চত্তীশগড়ৰ স্বৰাষ্ট্ৰমন্ত্ৰী ৰামসেৱক পাইকৰাৰ ভাতৃপুত্ৰ শামোধ পাইকৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে৷ জানিব পৰা মতে, নিৰ্যাতিতা যুৱতীগৰাকী মন্ত্ৰী ভাতৃ পুত্ৰ কলেজীয়া জীৱনৰ সহপাঠিনী আছিল৷