newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী হিন্দুত্ববাদী সংগঠন আৰএছএছৰ এক অনুষ্ঠাত আমন্ত্ৰিত হোৱা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ ভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ আমন্ত্ৰণ স্বীকাৰ পিছতে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
ৰাষ্ট্ৰৰ বিৰোধী দল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই নাগপুৰত অনুষ্ঠিত হ’বলগীয়া আৰএছএছৰ এক অনুষ্ঠানত মুখাৰ্জীয়ে অংশগ্ৰহণ কৰিব বিচৰা সিদ্ধান্ত ধৰ্ম নিৰপেক্ষতাৰ হিতৰ অৰ্থে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷