ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া মহকুমাৰ কেন্দুুুকোনাত শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত আন্তঃজিলা ছাব জুনিয়ৰ কাবাডী পুৰুষ-মহিলাৰ প্ৰতিযোগিতা উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
অনুষ্ঠিত ১০তম পুৰুষ-মহিলাৰ আন্তঃজিলা ছাব জুনিয়ৰ কাবাডী প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিকৰ পৰা গল্ড মেডেল আনিব পাৰিলে ১ কোটি কেচ দিয়া হ’ব বুলি ঘোষণা কৰে৷ ডিএছপি, মেজিষ্ট্ৰেট অথবা ডিটিঅ’ পদত নিযুক্তি দিয়া হ’ব বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙিয়াৰ কেন্দুকোনাত উল্লেখ কৰে৷