বঢ়মপুৰঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন যিমানে কাষ চাপিছে সিমানে স্পৰ্শকাতৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক পৰিৱেশ। তাৰ মাজতে চামগুৰিত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। নিশা চামগুৰিত পুনৰ কংগ্ৰেছ-বিজেপিৰ সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে।
চামগুৰিৰ লাৰিমুখত সংঘটিত সংঘৰ্ষত এজন বিজেপি কৰ্মী আহত হোৱা বুলি জানিবপৰা গৈছে। স্থানীয় পাঁচজন কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে বিজেপি কৰ্মীজনক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে।