newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়। মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ’ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।
তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ’ল মঙলবাৰে। কেন্দ্ৰীয় চৰকাৰে কৰুণানিধিৰ মৃত্যুত বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰে। সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰাৰ নিৰ্দেশ দিয়ে।