গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে ভাৰতৰ প্ৰায়বোৰ ঠাইতে এতিয়া কৰ’নাতংক৷ কোনোৱে যদি ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই, কোনোৱে মুখত মাস্ক লগাই ভয়ে ভয়ে নিজৰ কামৰ বাবে বাহিৰলৈ ওলাইছে৷ একাংশই আকৌ মাস্ক, ছেনিটাইজাৰ বিচাৰি দোকানে দোকানে হাবাথুৰি খাইছে৷ ফেচবুক চাইছে, হোৱাটছএপ চাইছে, আত্মীয়-স্বজনলৈ ফোন কৰিছে। মুঠৰ ওপৰত সকলোৰে মুখমণ্ডলত উদ্বিগ্নতাৰ চাপ। কি হ’ব? কি কৰিব? উপায় নাইকিয়া হৈছে৷

এই পৰ্যন্ত ভাৰতত ১৪৭জনৰো অধিক লোক কৰ'নাত আক্ৰান্ত হোৱাৰ লগতে ৩ জনৰ মৃত্যু হৈছে৷ অঘোষিত হ’লেও দেশত এতিয়া জৰুৰী অৱস্থা সদৃশ পৰিস্থিতি৷ অসমত বৰ্তমান সময়লৈকে এজনো লোক আক্ৰান্ত হোৱা নাই যদিও স্ৱাস্থ্য বিভাগ তথা অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ 

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যদুৱাৰ গুৱাহাটী মহানগৰীতো কৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে৷ অসম চৰকাৰৰ নিৰ্দেশমৰ্মে তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন৷ প্রশাসনে বিভিন্ন ঠাইত সৰ্তকতামূলক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে জাৰি কৰিছে একাধিক নীতি-নিৰ্দেশনা৷ তদুপৰি গুৱাহাটী পৌৰনিগমৰ ফালৰ পৰা মহানগৰখনৰ কেবা ঠাইতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা৷ ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ব্যৱসায়িক ক্ষেত্ৰখনতো৷ 

গুৱাহাটী ষ্টেচন, আইএছবিটিত সতৰ্কতামূলক ব্যৱস্থা

মহানগৰীৰ অন্যতম সমাগমস্থল পল্টন বজাৰস্থিত গুৱাহাটী ৰে’লৱে ষ্টেচন আৰু মালিগাঁও জংচনত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ দৈনন্দিন ৰেলযোগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা অহা ৫০ হাজাৰৰো অধিক লোকৰ সমাগম ঘটে গুৱাহাটীত৷  সেয়ে কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন যাত্ৰীৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে ৰে’লৱে কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগে৷

ইয়াৰোপৰি ষ্টেচনটোৰ অতিথিশালা, যাত্রী জিৰণি ঘৰ সঘনাই চাফ-চিকুন কৰিছে চাফাই কৰ্মীয়ে৷ মুঠৰ ওপৰত গুৱাহাটী ষ্টেচনত দেখিবলৈ পোৱা গৈছে আন দিনবোৰত নেদেখা পৰিৱেশ৷ ৰেল ষ্টেশ্যনৰ লগতে আইএছবিটিতো গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা। আইএছবিটিত জিলা পৰিবহণ বিভাগে চালক-হেণ্ডিমেনসকলৰ বাবে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। 

বন্ধ উদ্যান, ছিৰিয়াখানা

নেহৰু পাৰ্ক, শ্ৰদ্ধাঞ্জলি কানন, শংকৰদেৱ উদ্যানকে আদি কৰি মহানগৰীৰ প্ৰতিখন পাৰ্কতে এতিয়া নিমাওমাও পৰিবেশে বিৰাজ কৰিছে৷ এক নিৰ্দেশনাৰ জৰিয়তে জিএমডিৰ অধীনস্থ প্ৰায়বোৰ উদ্যান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে জিএমডিৰ কৰ্তৃপক্ষই৷ প্ৰথম অৱস্থাত অহা ২৯ মাৰ্চলৈকে উদ্যানসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷ 

আনহাতে ৰাজ্যিক ছিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ লগতে পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰতো ২৯ মাৰ্চলৈকে দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ ৰাখিছে প্ৰশাসনে৷  

অলা-উবেৰত প্ৰভাৱ কৰ’না ভাইৰাছৰ

কৰ’নাৰ প্ৰভাৱৰ পৰা হাত সাৰিব পৰা নাই ৰেপিড’-অলা-উবেৰো৷ টেক্সি সেৱা প্ৰদান কৰা এই সংস্থাকেইটাৰ সৈতে জড়িত লোকসকলৰ ওপৰত স্পষ্ট হৈ পৰিছে কৰ’নাৰ প্ৰভাৱ৷ কেবাগৰাকী অলা-উবেৰ চালকে জনোৱামতে অন্য দিনতকৈ তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ তেওঁলোকৰ দৈনিক উপাৰ্জন যদি ১ হাজাৰ টকা আছিল তাৰ বিপৰিতে ৫শ টকালৈ হ্ৰাস পোৱা কথাও ব্যক্ত কৰিছে অধিকাংশ চালকে৷  

আনহাতে কেইবাখনো অলা-উবেৰৰ গাড়ীত চালকসকলে পানীৰ বটল, হেন্ড ছেনিটাইজাৰো লগত ৰখাৰ ব্যৱস্থা কৰা দেখা গৈছে৷ ‘আমি গাড়ী চলাই আছো৷ গাড়ী নচলালে আমাৰ পেট নভৰে৷ কিন্তু আমি কৰ’নাক বাধা দিবলৈ চেষ্টা চলাইছো৷ এয়া চাওক আমি কাষ্টমাৰৰ বাবে হেণ্ড ছেনিটাইজাৰ ৰাখিছো৷ সকলো কাষ্টমাৰকে গাড়ীত উঠাৰ আগতে এয়া ব্যৱহাৰ কৰিবলৈ দিছো৷ আমি বহুকেইজন চালকে এনে সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছো৷’- বাকীসকল চালককো সজাগতামূলক ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাই এইদৰে কয় ইব্ৰাহীম আলী নামৰ এগৰাকী অলা-উবেৰ চালকে৷ 

দাম কমিছে মাংসৰ, নাই গ্ৰাহক

পুৱাৰ পৰা নিশা এপৰলৈকে গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ ঠাইতে মাংসৰ দোকানত গ্ৰাহকৰ ভিৰ হোৱাতো তেনেই এক সাধাৰণ দৃশ্য৷ কিন্তু এইকেইদিন মহানগৰীৰ প্ৰায়বোৰ মাংসৰ দোকানতে দেখা গৈছে গ্ৰাহকৰ সেৰেঙা উপস্থিতি৷ গ্ৰাহক নথকতা মাংস ব্যৱসায়ীসকলে পূৰ্বতকৈ কম দামতে মাংস বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত ব্ৰইলাৰ মাংসৰ পৰা কৰ’না ভাইৰাছ বিয়পে বুলি উৰাবাতৰি বিয়পি পৰাৰ পিছতে অধিকাংশ লোকে এইকেইদিনত ব্ৰইলাৰ মাংস খাদ্য তালিকাৰ পৰা বাদ দিয়াৰ পৰিল্লক্ষিত হৈছে৷ 

‘আগতে বহুত কেজিলৈকে আমি মাংস বিক্ৰী কৰিছিলো৷ কিন্তু যোৱা দুদিনৰ পৰা মাংসৰ বিক্ৰী একেবাৰে কমিছে৷ কৰ’নাই আমাৰ বিজনেছ বৰবাদ কৰি দিছে৷’- মনোজ নামৰ এজন মাংস ব্যৱসায়ীৰ হতাশাজনক মন্তব্য৷ এইকেইদিনত মাংসৰ  দাম কমাৰ কথাও ব্যক্ত কৰে মাংস বেপাৰী মনোজে৷

কামাখ্যা, উমানন্দত নাই দৰ্শনাৰ্থী

নিতৌ অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰে ভৰি থকা কামাখ্যা দেৱালয়ত এইকেইদিন দেখা গৈছে এক সুকীয়া পৰিৱেশ৷ কৰ’না ভাইৰাছৰ বাবে দেৱালয়ত তেনেই কম সংখ্যাক ভক্তৰহে আগমন ঘটিছে৷ মহানগৰীৰ আন এক ধৰ্মীয় পৰ্যটন স্থল বশিষ্ঠতো দৰ্শনাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে৷ 
 
ইফালে, স্ৱাস্থ্য বিভাগে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ সৈতে এক বৈঠকৰ অন্তত মন্দিৰ চৌহদত জাৰি কৰিছে বিশেষ নীতি-নিৰ্দেশনা৷ স্ৱাস্থ্য বিভাগে মন্দিৰৰ পূজাৰীসকলক দৰ্শনাৰ্থীৰ পৰা দূৰত্ৱ বজাই ৰাখিবলৈ আহ্বান জনাইছে৷ তদুপৰি পূজাৰীসকলক চাফ-চিকুণ পোচাক আৰু ছেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে৷  

আনহাতে, উমানন্দ ফেৰিঘাটতো গ্ৰহণ কৰা হৈছে বিশেষ সৰ্তকতামূলক পদক্ষেপ৷ স্ৱাস্থ্য আৰু জল পৰিবহণ বিভাগে উমানন্দ ফেৰিঘাটত যাত্ৰী আৰু দৰ্শনাৰ্থীসকলৰ বাবে হেণ্ড ছেনিটাইজাৰ ৰখাৰ লগতে হাত ধোৱাৰো ব্যৱস্থা কৰিছে৷ ফেৰিত উঠাৰ আগতে প্ৰত্যেকজন যাত্ৰীয়ে হাত ধোৱাতো বাধ্যতামূলক কৰা হৈছে৷ 

জনতা ভৱনত ১০০ জনতকৈ অধিক লোকৰ প্ৰৱেশত বাধা

কৰ'নাতংকৰ পৰা হাত সাৰিবলৈ জনতা ভৱনতো ১০০ জনতকৈ অধিক লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে৷ বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই জনতা ভৱনৰ প্ৰৱেশ স্থান পৰিদৰ্শন কৰি জনতা ভৱনলৈ বিভিন্ন কৰ্ম সূত্ৰে অহা দৰ্শনাৰ্থীৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে৷ 

ফাঁচীবজাৰত ব্যৱসায়ীৰ টেনশ্যন

উত্তৰ-পূৰ্বাঞ্চৰ অন্যতম বাণিজ্যিক কেন্দ্ৰস্বৰূপ ফাঁচীবজাৰতো কৰ’না ভাইৰাছৰ প্রভাৱ স্পষ্ট হৈ পৰিছে৷ আন দিনতকৈ ফাঁচীবজাৰত ক্ৰেতা-বিক্ৰেতাৰ সমাগম তেনেই নগণ্য৷ অস্ৱাভাবিকভাৱকে গ্ৰাহকৰ সংখ্যা কমি অহাৰ ফলত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ফাঁচীবজাৰৰ প্ৰায়বোৰ পথ-উপপথত৷ 

বজাৰখনৰ কাপোৰৰ ব্যৱসায়ীকসকলক অধিক উদ্বিগ্ন আৰু বিষণ্ন দেখা গৈছে৷ কিয়নো ৰঙালী বিহুৰ প্ৰাকক্ষণত অধিক লাভৰ আশাৰে অধিকাংশ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নতুন নতুন ডিজাইনৰ সাজ-পোচাক, আ-অলংকাৰৰ আদিৰে ভৰাই তুলিছিল৷ কিন্তু কৰ’নাতংকৰ বাবে গ্ৰাহকশূন্য হৈ পৰা ফাঁচীবজাৰত এতিয়া এনেই আমন-জিমনকৈ বহি থাকিবলৈ বাধ্য হৈ পৰিছে ব্যৱসায়ীসকল৷

চলি আছে চিটী বাছ, ই-ৰিক্সা

কৰ’নাতংকই বিৰাজ কৰিলেও এই পৰ্যন্ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা নাই মহানগৰী৷ মহানগৰবাসীয়ে যিয়ে যেনেকৈ পাৰে তেনেকৈ নিজকে ভাইৰাছবিধৰ পৰা মুক্ত কৰি ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে৷ তাৰ মাজতে যথেষ্টসংখ্যাক লোকে নিজ নিজ কামত ওলাই আহিছে বাহিৰলৈ৷ বিভিন্ন কামত বাহিৰলৈ ওলাই অহা লোকসকলক আশা কৰিয়েই বুধবাৰৰ দিনটোত মহানগৰীৰ প্ৰায়বোৰ পথতে কমকৈ হ’লেও চিটি বাছ চলা দেখা গৈছে৷ চিটি বাছৰ লগতে প্ৰায় সকলো পথতে এখন-দুখনকৈ চলি আছে ৰিক্সা, ই-ৰিক্সা আৰু অটো ৰিক্সা।

অৱশ্যে অইন দিনৰ তুলনাত যোৱা দুদিনত মহানগৰীৰ চিটি বাছবোৰত যাত্ৰীৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে৷ কৰ’নাক লৈ সকলোৱে সজাগতা অৱলম্বন কৰাৰ সময়তে চিটি বাছসমূহে কোনোধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে চলি থকাত বহু যাত্ৰী শংকিত হৈ পৰাও পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে পৰিবহণ বিভাগ আৰু চিটি বাছ সন্থাই চালক-হেণ্ডিমেনসকলক কৰ’নাক লৈ সজাগ কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা আৰু মাস্কো বিতৰণ কৰিছে।

শ্বপিং মল, ৰাজহুৱা স্থানত সেৰেঙা জন সমাগম

কৰ’নাই প্ৰভাৱ পেলোৱা গুৱাহাটী মহানগৰীৰ শ্বপিং মল তথা অন্যান্য ৰাজহুৱা স্থানসমূহত যোৱা দুদিনত তেনেই সেৰেঙা হৈ পৰিছে জনসমাগম। বিশাল, বিগ বজাৰ, ৰিলায়েন্স ট্ৰেণ্ডছকে আদি কৰি প্ৰায়বোৰ শ্বপিং মলতে এইকেইদিন গ্ৰাহক হ্ৰাস পাইছে। 'কাষ্টমাৰ কম আছে আজি। কালিও কম আছিল। আজি আৰু কমিছে। আমিও সজাগতামূলক ব্যৱস্থা হাতত লৈছো কৰ’না প্ৰিভেণ্ট কৰিবৰ বাবে।’-এইদৰে কয় ৰিলায়েন্স ট্ৰেণ্ডছত কৰ্মৰত বৃষ্টি নামৰ এগৰাকী যুৱতীয়ে। 

বেংকসমূহতো গ্ৰাহকৰ ভিৰ প্ৰায় হ্ৰাস পাইছে। সাধাৰণতে গ্ৰাহকৰে ভৰি থকা ষ্টেট বেংকৰ প্ৰায়বোৰ শাখাতে এই দুদিনত দেখা গৈছে এক সুকীয়া পৰিৱেশ। একেদৰে প্ৰায় প্ৰতিটো দিনতে অহৰহ জন সমাগম ঘটি থকা গণেশগুৰি, চানমাৰি, ছয়মাইল, উলুবাৰী, পল্টন বজাৰ, আদাবাৰী, গুৱাহাটী ক্লাৱ আদি ঠাইত বিৰাজ কৰিছে একপ্ৰকাৰৰ জনশূন্য পৰিৱেশৰ। ভিৰ থকা হোটেলসমূহতো হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা।

নাই মাস্ক! ফাৰ্মাচিষ্টৰ মুখত হাঁহি

এইকেইদিনত বাকীবোৰ ব্যৱসায়ীয়ে মন্দাৱস্থাৰ সন্মুখীন হৈছে যদিও ঔষধৰ দোকানবোৰত দেখা গৈছে পূৰ্বৰ তুলনাত বেছি ভিৰ। মহানগৰীৰ প্ৰায়বোৰ ফাৰ্মাচীতে অধিক হাৰত বিক্ৰী হৈছে হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক। ফলত মহানগৰীৰ ভিন্ন স্থানত মাস্ক আৰু ছেনিটাইজাৰৰ নাটনিয়ে দেখা দিয়াৰ বাতৰিও পোৱা গৈছে। ফাৰ্মাচীসমূহৰ লগতে পাণ-তামোল তথা গেলামালৰ দোকানতো এতিয়া গ্ৰাহকসকলে মাস্ক আৰু ছেনিটাইজাৰ বিচাৰি ভিৰ কৰিছে। 'মাস্ক নাই বুলি কৈ আছে সকলোৱে। এখনত পালো। দাম বহুত কৈছে। সুযোগ লৈছে ব্যৱসায়ীবোৰে। এয়া ভাল কথা নহয়। চৰকাৰ-প্ৰশাসনে এইবোৰ কথা মন কৰিব লাগে।’- NNOৰ আগত এইদৰে কয় মাস্ক বিচাৰি হাবাথুৰি খোৱা এজন গ্ৰাহকে। 

'জ্বৰ-ছৰ্দি হোৱা লোকসকলে এইকেইদিন ডাক্তৰৰ ওচৰলৈ আহিছে। সেয়ে মাস্ক আৰু ছেনিটাইজৰৰ লগতে জ্বৰ-ছৰ্দিৰ মেডিচিনো ভাল বিক্ৰী হৈছে। কিন্তু এতিয়া আমাৰ ষ্টক শেষ। ডিষ্ট্ৰিবিউটৰেও নাই বুলি কৈছে। আমাৰ ভয়ো লাগিছে। ক’বতো নোৱাৰি কাৰ কেতিয়া কৰ’না হয়।’-চানমাৰিৰ এজন ফাৰ্মাচিষ্টৰ মন্তব্য।

তৎপৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

কৰ’নাক লৈ উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষ। চিকিৎসক-নাৰ্ছৰ লগতে প্ৰতিগৰাকী কৰ্মচাৰীয়েই গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা। ৰোগীসকলৰ ওপৰতো বিশেষ নজৰ দিয়া হৈছে। আনহাতে চিকিৎসালয়খনৰ অপিডিত এইকেইদিনত কমসংখ্যাক ৰোগীৰ আগমন ঘটিছে। চিকিৎসালয় চৌহদত প্ৰায় সকলোকে মাস্ক পিন্ধি থকাও দেখা গৈছে।