• ১১ বজাত ব্যৱসায় প্ৰতিস্থান বন্ধ, ১২ বজাৰ পৰা সান্ধ্য আইন

গুৱাহাটীঃ  আজি এক নতুন নিৰ্দেশনা যোগে অসম চৰকাৰে দিনৰ ১১ বজাতেই সকলো ধৰনৰ ব্যৱসায় প্ৰতিস্থান আদি বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে ৰাজ্যৰ সকলো জিলাতেই এই নিয়ম প্ৰযোজ্য হব৷ 

পূৰ্বতে দিনৰ ১২ বজাত ব্যৱসায় প্ৰতিস্থান সমুহ বন্ধ হোৱাৰ লগতে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হোৱাৰ নিয়ম আছিল৷ কিন্তু এতিয়াৰে পৰা দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ ঘৰৰ বাহিৰ ওলাব নোৱাৰিব সাধাৰণ জনতা৷ আনহাতে পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম মানিহে চলিব পাৰিব যান-বাহন সমুহ৷ এই যুগ্ম-অযুগ্ম পদ্ধতিৰ নিয়ম নিৰ্ধাৰণ কৰিব প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত সমুহে৷

কৰোণাৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰেই লোৱা হৈছে এই সিদ্ধান্ত৷ এই সিদ্ধান্তৰ ফলত দিন হাজিৰা কৰা আৰু খাটি খোৱা মানুহ খিনিৰ সমস্যা বাঢ়িব৷ তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হব৷