• মমতা বেনাৰ্জীৰ ভাতৃৰ কৰোনাত মৃত্যু
  • কলিকতাৰ এখন ব্যাক্তিগতখণ্ডৰ হস্পিটালত ভৰ্তি হৈ আছিল
  • মেডিকা ছুপাৰস্পেছিয়েলিটি হস্পিটালত চিকিৎসা চলি আছিল

কলিকতাঃ পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ আজি ৰাতিপুৱা ৯বাজি ২০ মিনিটত কলিকতাৰ ''মেডিকা ছুপাৰস্পেছিয়েলিটি হস্পিটাল’’ত মৃত্যু হয় বুলি সংবাদ প্ৰতিস্থানৰ বাতৰিত জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে তেখেত কৰোনাত আক্ৰান্ত আছিল আৰু যোৱা এক মাহৰ পৰা তেখেতৰ চিকিৎসা চলি আছিল। মেডিকা ছুপাৰস্পেছিয়েলিটি হস্পিটালৰ চেয়াৰমেন ডাঃ আলোক ৰায়ে কয় যে,‘চিএম মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ আজি ৰাতিপুৱা চিকিৎসালয়ত মৃত্যু হয়৷ তেখেত কৰোনাত আক্ৰান্ত আছিল আৰু চিকিৎসালয়ত তেখেতৰ চিকিৎসা চলি আছিল৷’ 

অসীম বেনাৰ্জীৰ এই অকাল বিয়োগত মুখ্যমন্ত্ৰীগৰীকীৰ পৰিয়ালত শোকৰ ছাঁ পৰিছে৷ কোভিড প্ৰ’টোকল অনুসৰি তেখেতৰ অম্তিম সৎকাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে৷