নতুন দিল্লীঃ আজি শক্তিশালী দুটা দল ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰদৰ্শনে সকলোকে চমক খুৱাইছে৷ 

ইনিংছ আৰম্ভ কৰোতেই ভাৰতে হেৰুৱালে দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা। তাৰ পিছৰ অভাৰতে ভাৰতে হেৰুৱালে অধিনায়ক বিৰাট কোহলীৰ উইকেট। 

মঙলবাৰে বৰষুণৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল আধাতে সামৰিবলগীয়া হোৱাৰ পিছত বুধবাৰে ৪৬ অভাৰৰপৰা আৰম্ভ কৰা খেলখনত নিউজিলেণ্ডে মুঠ আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰে।

 ফলত ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান। তাৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰিয়েই উজুটি খালে টিম ইণ্ডিয়াই। দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, দিনেশ কাৰ্তিক, হাৰ্ডিক পাণ্ডিয়া আৰু ৰিচভ পন্টে উইকেট হেৰুৱালে ভাৰতে৷

এতিয়াৰ খেলত ধোনীৰ ওপৰত নিৰ্ভৰ কৰিছে জয় পৰাজয়ৰ৷ কোটি জনতাৰ মুখত হাঁহি বিৰিঙাবলৈ ধোনীৰ ওপৰত ভৰসা কৰিছে দৰ্শকে৷ মন্থৰ গতিত বেটিং কৰা আনৰ সমালোচনাৰ বিষয় হোৱা ধনীৰ এয়াই সুৰ্বণ সুযোগ প্ৰমাণ কৰি দেখুওৱাৰ৷