ডিজিটেল ডেস্কঃ দাদাচাহেব ফাল্কে এক্সেলেঞ্চ বঁটা প্ৰদান অনুষ্ঠান শনিবাৰে নিশা মুম্বাই মহানগৰৰ চেইণ্ট এণ্ড্ৰিউজ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ণিল অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়৷ একক বঁটা মনোৰঞ্জন জগতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয়৷

যিসকলে চিনেমা জগতৰ উন্নয়ন আৰু পৰিসৰ বৃদ্ধিৰ বাবে কাম কৰে৷ বঁটা প্ৰদান অনুষ্ঠিনত বলীউডৰ প্ৰযোজক কৰণ জহৰ, চিমি গৰৱেল, শিল্পা ছেট্টী, কাৰ্টক আৰিয়ান, অদিতি ৰায় হাইদাৰি, কৃতী চানন, ৰাজকুমাৰ ৰাও আছিল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷

শ্ৰেষ্ঠ অভিনেতাৰ দাদা চাহেব ফাল্কে বঁটা চাহিদ কাপুৰক প্ৰদান কৰা হয়৷ জনগণৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেতাৰ এই বঁটা লাভ কৰে অভিনেতা পদ্মাৱত ছবিৰ ৰণবীৰ সিঙে৷ দুয়ো অভিনেতাই পদ্মাৱত ছবিৰ বাবে এই বঁটা লাভ কৰে৷

পাট-মুগাৰ লগতে অসমৰ বস্ত্ৰশিল্পৰ নান্দনিক জগতখনক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ সক্ষম হোৱা সংযুক্তা দত্তৰ লগতে ভালেমান শিল্পী দাদাচাহেব ফাল্কে এক্সেলেঞ্চ বঁটাৰে সন্মান যাচে৷ বলীউডৰ মোহময়ী অভিনেত্ৰী দিপীকা পাডুকনৰ পৰা আৰম্ভ কৰি ৰণবীৰ সিঙ, সৰু পৰ্দাৰ জেনিফাৰ ৱিংজেট, হীনা খানৰ উপস্থিতিয়ে ৰঙীন কৰি তোলে দাদা চাহেব বঁটা প্ৰদান অনুষ্ঠান। 

সঞ্জয় লীলা ভাঞ্চালি পৰিচালিত পদ্মাৱত ছবিখনত বলিষ্ঠ প্ৰদৰ্শনৰ বাবে দিপীকা-ৰণবীৰক সন্মান যঁচা হয়। পৰি, NH 10, ফিলাউৰিৰ দৰে চিন্তা উদ্ৰেগকাৰী ছবি ভাৰতীয় চিনেমাপ্ৰেমীক উপহাৰ দিয়া অনুষ্কা শৰ্মাকো এই বঁটা প্ৰদান কৰা হয়।

অসমৰ সংযুক্তাৰ লগতে বলীউডৰ কোন অভিনেতা-অভিনেত্ৰীয়ে লাভ কৰিলে বঁটাঃ

♦মনোৰঞ্জনঃ কাৰ্টিক আৰিয়ান ছবি চনু কে টিটু কি চুইটি
♦শ্ৰেষ্ঠ কৰ্মদক্ষতাঃ (সমোলোচকৰ পছন্দ) অদিতি ৰায় হাইদৰি ছবি ভূমি
♦জীৱন জোৰা সাধনা বঁটাঃ চিমি গেৰৱাল
♦প্ৰাইড অৱ ইণ্ডিয়া চিনেমাঃ সঞ্জয় দত্ত আৰু মাণ্যতা দত্ত
♦বাটকটীয়া বছৰৰ পৰিচালকঃ অনুষ্কা শৰ্মা আৰু কাৰ্ণেষ শৰ্মা
♦শ্ৰেষ্ঠ পৰিচালকঃ অশ্বিনী টিৱাৰী ছবি বৰেলী কি বৰফি
♦বিশেষ অভিনয় পুৰুষঃ ৰাজকুমাৰ ৰাওঁ ছবি নিউটন, ৰাণা দাগ্গুহতী ছবি বাহুৱলী
♦বিশেষ অভিনয় মহিলাঃ তামান্না ভাটিয়া ছবি বাহুৱলী, কৃতী চানন ছবি বৰেলী কি বৰফী
♦আশাপ্ৰাদ নতুন মুখঃ আগানা কুমৰা ছবি লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা
♦শ্ৰেষ্ঠ অভিনেতা পুৰুষ মাৰাঠীঃ বৈভৱ টতবাৱাদী
♦শ্ৰেষ্ঠ অভিনেতা মহিলা মাৰাঠীঃ পূজা শ্বাৱন্ত
♦শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰঃ সংযুক্তা দত্ত
♦সমাজ সচেতন মূলক বছৰৰ অভিনয়ঃ ৰাণী মূখাৰ্জী 
♦শ্ৰেষ্ঠ ব্যংগাত্মক দৃশ্যঃ তুষাৰ কাপুৰ ছবি গোলমাল 
♦মনোৰঞ্জন মূলক ৰিয়েলিটি শ্বঃ হীণা খান, বিগ বছ 
♦শ্ৰেষ্ঠ অভিনেত্ৰী নাটকঃ জেনিফাৰ ৱিংজেট 
♦টিভি শ্ৰেষ্ঠ অভিনেতাঃ কৰণ পাটেল
♦ৰিয়েলিটি শ্বৰ শ্ৰেষ্ঠ বিচাৰকঃ শিল্পা ছেট্টী, চুপাৰ ডান্স 
♦শ্ৰেষ্ট টক শ্বঃ কৰণ জহক, কফি উইথ কৰণ
♦শ্ৰেষ্ঠ গীতিকাৰঃ মনোজ মোন্তাচীৰ
♦শ্ৰেষ্ঠ চুটি ছবি অভিনয়ঃ দিব্বা খোছলা
♦সংগীতৰ বাবে অৱদানঃ হান্স ৰাজ হান্স
♦হাস্য ৰসৰ বছৰৰ শ্ৰেষ্ঠ অভিনয়ঃ চুমনা চক্ৰৱৰ্তী
♦কর্মশক্তিসম্পন্ন গায়কঃ ৰাণী হাজৰিকা
♦সামাজিক আৰু বাণিজ্যৰ উদ্যোক্তাঃ জয়া মিশ্ৰা