দৰংঃ দৰং জিলাৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খনত চিকিৎসকৰ মইমতালিৰ ফলত দৈনিক ব্যাপক দুৰ্ভোগৰ সন্মুখীন হৈছে ৰাইজ৷ অভিযোগ মতে, দলগাঁও ৰাজ্যিক চিকিৎসালয়খন মইনুল নামৰ চিকিৎসক এজনৰ দায়িত্বত আছে যদিও চিকিৎসকজন প্ৰায় সময়তে উপস্থিত নাথাকে চিকিৎসালয়খনত৷
বৃহত্তৰ দলগাঁও অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খনত দৈনিক প্ৰায় আঢ়ৈশ-তিনিশ ৰোগী চিকিৎসাৰ বাবে আহে যদিও চিকিৎসাৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়৷ চিকিৎসালয়খনত আন এগৰাকী চিকিৎসক দৈনিক আহে যদিও দুপৰীয়া ১ বজাৰ পিছত বন্ধ হৈ পৰে ৰাজ্যিক চিকিৎসালয়খন৷