67
দৰংঃ দৰং জিলাৰ খাৰুপেটীয়া নিকটৱৰ্তী মোল্লাপাৰা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ভষ্মীভুত হ’ল তিনিটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকা মুল্যবান সামগ্ৰী।
জুইত পুৰি ছাই হ’ল এন আৰ চি কে ধৰি সকলো প্ৰয়োজনীয় নথি পত্ৰ। উল্লেখ্য যে, কালি সন্ধিয়া মোল্লাপাৰা গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ নুৰুল আমিনৰ ঘৰত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড। সন্ধিয়া চাকি দিয়াৰ পিছতে সংঘটিত হয় এই ঘটনা।