মঙ্গলদৈঃ অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ অন্যতম প্ৰতিষ্ঠান অসম এপেক্স উইভাৰছ এণ্ড আৰ্টিচেন কো-অপাৰেটিভ ফেডাৰেচন লিমিটেড চমুকৈ “আৰ্টফেড”-এ বিভাগটোৰ সৈতে জড়িত শিপিনীসকলক লৈ বিভাগটোক নতুন ৰূপত গঢ়ি তোলাৰ তৎপৰতা অৱলম্বন কৰিছে।
আনকি সোণালী সুতাৰ দেশ ৰূপে খ্যাত ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ এই হস্ততাত বস্ত্ৰ শিল্প বিভাগটোক চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ সহযোগত আধুনিকীকৰণৰ জৰিয়তে বিশ্ব বানিজ্যলৈ সম্প্ৰসাৰিত কৰাৰো প্ৰচেষ্টা চলোৱা বুলি জানিবলৈ দিয়ে আৰ্টফেড কৰ্মচাৰী সন্থাই৷ আৰ্টফেড কৰ্মচাৰী সন্থাৰ সভাপতি সূৰ্য কান্ত ৰাভা আৰু সাধাৰণ সম্পাদক ধীৰেন কুমাৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া অনুসৰি আৰ্টফেডত পঞ্জীয়নভুক্ত প্ৰায় ২০ লাখ শিপিনীক ২০ শতাংশ ৰেহাই মূল্যত সূতা, অত্যাধুনিক তাঁতশাল যোগান ধৰাৰ উপৰিও শিপিনী সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ পৰ্যন্ত প্ৰদান কৰি বিভাগটোক গতিশীল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সন্থাই প্ৰকাশ কৰে।