সম্পাদকীয়-------------------------

হেমন্ত ফুকন

২০১৬ চনৰ ৮ নৱেম্বৰ, থিক দুবছৰৰ আগৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক অপ্ৰত্যাশিত ঘোষণা কৰিছিল। দেশত চলি থকা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ একে ৰাতিৰ ভিতৰতে নিষিদ্ধ কৰি দিয়া হ’ল। সমগ্ৰ দেশতে হাহাকাৰ লাগিল। সকলোৰে মনত অনিশ্চয়তাৰ ভাব। তাৰ মাজতো ৰাজনৈতিক দল-শ্ৰেণী নিৰ্বিশেষে অধিকাংশ জনতাই প্ৰধানমন্ত্ৰীৰ কামত আস্থা ৰাখি দেশৰ ভালৰ কাৰণেই এনে কৰা হৈছে বুলি ভাবি ব্যক্তগত অসুবিধাৰ কথা আওকাণ কৰি ইয়াক সমৰ্থন দিলে।

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডীয়ে বিমুদ্ৰাকৰণৰ কাৰণ হিচাপে চাৰিটা উদ্দেশ্য ঘোষণা কৰিলে। বিমুদ্ৰাকৰণৰ জৰিয়তে দেশত থকা সকলো ক’লাধন নোহোৱা কৰা হ’ব আৰু ক’লাধনৰ গৰাকীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা হ’ব। দ্বিতীয়তে, দেশত নগদ ধনৰ ব্যৱহাৰ কমাই দুৰ্নীতি কম কৰা। তৃতীয়তে, দেশত থকা সকলো জাল নোট নোহোৱা কৰি দেশলৈ অৰ্থনৈতিক সুস্থিৰতা অনা। চতুৰ্থতে, সন্ত্ৰসবাদীৰ হাতত থকা ধন মূল্যহীন কৰি দেশৰ এনে অপশক্তিক কাবু কৰা। 

জনতাৰ হাতত থকা পুৰণা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ সলনি কৰাৰ সময়সীমা বান্ধি দিয় হ’ল। দেখা গ’ল বেংকৰ সন্মুখত দীঘলীয়া শাৰী। চৰকাৰে বান্ধি দিয়া সময় ওকলি যাওঁ যাওঁ! ইফালে পাঁচ-ছদিন বেংকলৈ তাঁত-বাটি কৰি ভোকে-পিয়াহে, ৰ’দে-বৰষুণে শাৰী পাতিও নিজৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন সলনি কৰিব পৰা নাই। সময় যোৱাৰ লগে লগে বাঢ়ি গৈছে দুৰ্ভাৱনা। শংকা, কষ্ট, অনিশ্চয়তাৰ চাপ সহিব নোৱাৰি দেশৰ ডেৰশমান লোকৰ মৃত্যু হ’ল। ইফালে বেংকতো কৰ্মচাৰীয়ে দিন-ৰাতি একাকাৰ কৰি ধন বিনিময় কৰিছে। কামৰ হেঁচাত কেইবাজনো বেংক কৰ্মী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে।

ইমানৰ পাছতো জনতাই মোডী ডাঙৰীয়াক সমৰ্থন কৰি থাকিল। কাৰণ ভাৰতীয় জনগণই জানে যে আৰ্থিক সংস্কাৰে ফল দিবলৈ সময় লয়। সেয়ে জনতাই অপেক্ষা কৰিলে। এমাহ, দুমাহ, এবছৰ, দুবছৰ।... কিন্তু জনতাই দুবছৰৰ পাছত কি পালে? ঘোষিত লক্ষ্যত চৰকাৰ উপনীত হ’লনে? 

বিমুদ্ৰাকৰণৰ প্ৰথম লক্ষ্য আছিল ক'লাধন নোহোৱা কৰা। কিন্তু ই নোহোৱা হ’লনে? নাই হোৱা। নোহোৱা হ’বই বা কেনেকৈ! যেতিয়ালৈকে ক’লাধনৰ উৎসবোৰ নোহোৱা কৰিব নোৱাৰি তেতিয়ালৈ ক’লাধন নোহোৱা কৰিবই নোৱাৰি। গতিকে ক’লাধনৰ কাৰখানাবোৰ বন্ধ নকৰাকৈ ক’লাধন নোহোৱা কৰিব বিচৰাটো অৰ্থনৈতিক অপৰিপক্কতাৰ চিন। 

দ্বিতীয় লক্ষ্য আছিল নগদ ধনৰ ব্যৱহাৰ কমাই দুৰ্নীতি হ্ৰাস কৰা। চৰকাৰী-বেচৰকাৰী আদান-প্ৰদান যদি নগদবিহীনভাৱে কৰা হয়, তেন্তে সকলো তথ্য চৰকাৰৰ ওচৰত থাকিব আৰু মানুহে দুৰ্নীতি কৰিবলৈ ভয় কৰিব। চৰকাৰৰ উদ্দেশ্য ভালেই যেন লাগিছিল। কিন্তু ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি ২০০০ টকীয়া নোটৰ প্ৰচলন কৰাত চৰকাৰৰ যে দুৰ্নীতি হ্ৰাস কৰাৰ কোনো সৎ উদ্দেশ্য নাই তাকেই প্ৰমাণ কৰিলে। কাৰণ ৫০০ বা ১০০০ টকীয়া নোটেৰে এক কোটি টকাৰ উপঢৌকন দিবলৈ যাওঁতে এই টকাখিনিৰ সৰবৰাহত যিমান অসুবিধা, ২০০০ টকীয়া নোটত এই অসুবিধাৰ পৰিমাণ আধালৈ হ্ৰাস পালে।

তৃতীয় উদ্দেশ্য আছিল জাল নোট নোহোৱা কৰা। এই উদ্দেশ্যত চৰকাৰ সাময়িকভাৱে সফল হ’ল পুৰণি নোটৰ ক্ষেত্ৰত। কিন্তু জাল নোটৰ সমস্যা বিমুদ্ৰাকৰণৰদ্বাৰা সম্ভৱ নহয়। ইয়াৰ দেখ দেখ প্ৰমাণ পোৱা গ’ল নতুন ২০০০ টকীয়া নোট জাৰিৰ সময়তে বহুতো ২০০০ টকীয়া জাল নোটো দেশৰ বিভিন্ন অঞ্চলত উদ্ধাৰ হোৱাটোত। 

চতুৰ্থ তথা অন্তিম লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহত বাধা প্ৰদান। হ্ৰস্বম্যাদীভাৱে সন্ত্ৰাসবাদী বা বিচ্ছিন্নতাবাদী সংগঠনৰ অসুবিধা নিশ্চয় হৈছিল। সেই সময়ত আমিও এই বিষয়ে শুনিছিলোঁ। অসম-নাগালেণ্ড সীমান্তৰ কোনো কোনো অঞ্চলত বিমুদ্ৰাকৰণৰ পাছতে উগ্ৰপন্থী সংগঠন আলফাৰ সদস্যই নগদ ধনৰ অভাৱত সীমান্তৱৰ্তী অঞ্চলৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰপৰা ৰচদ-পাতি সংগ্ৰহ কৰিছিল। কিন্তু নোটৰ নিষিদ্ধকৰণে সন্ত্ৰাসবাদীক শ’লঠেকত পেলাইছে বুলি মানি ল’ব নোৱাৰি। কাৰণ জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী, মধ্য ভাৰতৰ মাওবাদী বা উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ কাৰ্য-কলাপ বিমুদ্ৰাকৰণৰ পূৰ্বৰ তুলনাত এতিয়া কোনো গুণে কমা নাই।

এই সমুদায় উদ্দেশ্য বিফল হোৱাৰ পাছত চৰকাৰে বিমুদ্ৰাকৰণৰ উদ্দেশ্য সলনি কৰি ইয়াক নগদবিহীন লেন-দেন বৃদ্ধিৰ বাবে কৰা হৈছিল বুলি ঘোষণা কৰিলে। পিছে, আমি দেখিছোঁ যে চৰকাৰৰ সেইফেৰা উদ্দেশ্যও সাধন নহ’ল। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে চৰকাৰে যি ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল, তাৰে ৯৯.৯৭ শতাংশ মূল্যৰ নোট ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিল। অৰ্থাৎ চৰকাৰে যি ক’লাধনৰ ভূত দেখি বিমুদ্ৰাকৰণ কৰিছিল, সেইটো ভূত নাছিল, কিহবাৰ ছায়াহে আছিল। অন্ততঃ ফলাফলে তাকেই কয়।

তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিফল হ’বলৈকে বিমুদ্ৰাকৰণ কৰিছিলনে? সেয়া এতিয়া জনতাৰ ওচৰত ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ পাম যোৱা দুবছৰৰ ঘটনাক্ৰম বিশ্লেষণ কৰিলে। বিমুদ্ৰাকৰণৰ তিনি মাহ পূৰ্বৰেপৰা একাংশ বেংকত জমা হোৱা ধনৰ পৰিমাণ তিনি-চাৰিগুণ পৰ্যন্ত বাঢ়ি গৈছিল। কিয় এই বৃদ্ধি ? আনহাতে কেইবাটাও ৰাজনৈতিক দলৰ বেংক একাউণ্টতো ধনৰ আগমন বৃদ্ধি হোৱাৰো অভিযোগ উঠিছিল। একাংশ ৰাজনৈতিক দলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ বৃদ্ধি অদিয়ে কি সূচায়? ক’লাধনৰ নামত ৰাজনীতি হোৱা দেশ এখনত হঠাতে এনে কলাধন নোহোৱা হৈ যোৱা আৰু একাংশ ৰাজনৈতিক দলৰ সম্পত্তিৰ হঠাৎ বৃদ্ধিৰ মাজত কোনো সম্পৰ্ক নাইতো?