গুৱাহাটীঃ ৰাইজৰ বাবে মুকলি হ’ল ঢলা-শদিয়া দলং। প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বেই মুকলি হ’ল দলংখন। অসমক এক নতুন মাত্ৰা দিবলৈ ওলোৱা এই বিশেষ দলংখন বাইক চলাই মুকলি কৰে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া দলংখন শদিয়াত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে শিল্পীগৰাকীয়ে মুকলি কৰা বিষয়টোৱে বহুতৰে মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে আজিৰ পৰা কেই দিন মান পূৰ্বে শদিয়াত অনুষ্ঠিত এখন বিহু সন্মিলনীত ভাগ ল’বলৈ গৈছিল যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে। অনুষ্ঠানৰ পূৰ্বে জুবিনক মটৰ চাইকেল ৰেলীৰে আদৰি নিয়ে আয়োজক সমিতিয়ে। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া দলংখনৰেও যাত্ৰা কৰাৰ সৌভাগ্য হয় শিল্পীগৰাকীৰ।