69
গোসাঁইগাঁওঃ নিখিল বড়ো ছাত্ৰ সন্থাই আজি সমগ্ৰ অসম জুৰি পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সংঘবদ্ধ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
এবছুৰ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ ইউ এন ব্ৰহ্ম একাডেমিক খেলপথাৰত আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।