কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁও বাতাবাৰীৰ কঞ্চাই বৰগয়াৰী আজি এজন সাধাৰণ অটোচালক। ঝাৰখণ্ডত অনুষ্ঠিত হোৱা নেচনেল গেমছত অংশগ্ৰহণ কৰি তিনিটাকৈ সোণৰ পদক বুটলা তথা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাক অংশগ্ৰহণ কৰি সৰ্বমুঠ ২২ টা পদক বুটলা ৰাজ্যৰ গৌৰৱ কঞ্চাই বৰগয়াৰী এতিয়া একমাত্ৰ পেটৰ তাড়নাতে অটো চলাবলগীয়া হৈছে।
চিৰাঙৰ বুলি বসুমতাৰীয়ে পদপথত কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত চৰকাৰ বাধ্য হৈ আৰ্চাৰী খেলুৱৈ বুলি বসুমতাৰীক সংস্থাপিত কৰিছিল যদিও বুলি বসুমতাৰীৰ সতীৰ্থ কঞ্চাই বৰগয়াৰীয়ে এতিয়াও অটো চলাইয়ে পৰিয়ালক পোহপাল দিব লগা হৈছে।