কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ১৫ এপ্ৰিলতে দেশৰ জিলাসমূহক মুঠ ৩টা ভাগত ভাগ কৰি দিছিল কেন্দ্ৰই। কৰ’না নিয়ন্ত্ৰণত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত সহায়ক হোৱাকৈ কৰা এই ভাগ তিনিটা হৈছে ৰেড, গ্ৰীণ আৰু অৰেঞ্জ। এই ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জ’নৰ মাজত কি কি পাৰ্থক্য আছে খৰছি মাৰি সেয়া জানি লও আহকচোন।

ৰেড জ’নঃ যিসমূহ জিলাত কৰ’না আক্ৰান্তৰ হাৰ অধিক, অৰ্থাৎ হটস্পট বা কণ্টেনমেণ্ট এলেকা যিসমূহ জিলাত বেছি, সেই সমূহ জিলাক ৰেড জ’নৰ অন্তৰ্ভুক্ত কৰা হৈছে। অত্যন্ত বিপদযুক্ত বুজাবলৈই এই জিলাসমূহক ৰেড জ’ন হিচাপে চিহ্নিত কৰা হৈছে। এই ৰেড জ’নৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসন বাধ্য। কিয়নো সাধাৰণ একোটা ভুলেই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে। সেয়ে লকডাউন আগতকৈও অধিক তীব্ৰ কৰাত এই অঞ্চলসমূহত গুৰুত্ব দিয়া হ’ব।

অৰেঞ্জ জ’নঃ সংক্ৰমণ আছে কিন্তু তাৰ হাৰ ৰেড জ’নৰ তুলনাত বহুত কম আৰু হটস্পট এটাও নাই তেনে জিলাসমূহক অৰেঞ্জ জ’নৰ ভিতৰত ৰখা হৈছে। ৰেড জ’নত সংক্ৰমণ হ্ৰাস পালে উক্ত অঞ্চলকো অৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰা হয়। আকৌ গ্ৰীণ জ’নত সংক্ৰমণে দেখা দিলে সেয়া অৰেঞ্জ জ’ন হৈ পৰে। অৰ্থাৎ ই হৈছে দুয়োটাৰ মাজৰ অৱস্থা। এই অৰেঞ্জ জ’নত লকডাউন বহু ক্ষেত্ৰত চৰকাৰে শিথিল কৰি ৰাইজক সতৰ্কতাৰে ওলাই অহাৰ সুবিধা প্ৰদান কৰে।

গ্ৰীণ জ’নঃ সংক্ৰমণ-মুক্ত বা কৰ’না ফ্ৰি জিলাসমূহক গ্ৰীণ জ’ন হিচাপে ঘোষণা কৰা হৈছে। কৰ’নাই সাধাৰণতে প্ৰভাৱ বিস্তাৰ নকৰা জিলাসমূহেই হৈছে গ্ৰীণ জ’ন। ১৪ দিনৰ ভিতৰত কোনো জিলাত যদিহে এজনো লোকৰ দেহত কৰ’না পজিটিভ ধৰা নপৰে, তেন্তে সেই জিলাখনক কৰ’না ফ্ৰি হিচাপে আখ্যা দিয়া হয়। অৰ্থাৎ কৰ২না মাহামাৰীৰ সময়ত গ্ৰীণ জ’ন মানে হৈছে তুলনামূলকভাৱে ভয় কৰিবনলগীয়া জিলা। অৱশ্যে যদিহে ৰাইজ আৰু প্ৰশাসনত সতৰ্ক নহয়, তেন্তে সামান্য ক্ৰুটিৰ বাবেই গ্ৰীণ জ’ন এক ছেকেণ্ডতে অৰেঞ্জ জ’ন আৰু তাৰ পিছত ৰেড জ’ন হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 

উল্লেখ্য যে, যোৱা মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে জনাইছিল যে দেশৰ ৮০ খন জিলাত যোৱা ৭ দিনত কৰ’না আক্ৰান্তৰ কোনো খবৰ পোৱা হোৱা নাই। একেদৰে যোৱা ১৪ দিনত কৰ’না পজিটিভ ধৰা নপৰা জিলাৰ সংখ্যা হৈছে ৪৭ খন। অৰ্থাৎ এই ৪৭ খন জিলাই হৈছে গ্ৰীণ জ’ন। ইয়াৰে ভিতৰত অসম তথা উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ জিলাৰ সংখ্যাই অধিক। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিয়া মতেই অৱশেষত দেশক জ'ন হিচাপত ভাগ কৰি পুনৰ ১৭ মে'লৈকে বৃদ্ধি কৰা হৈছে লকডাউন। বৃদ্ধি কৰা হ'লেও ওপৰত উল্লেখ কৰা ধৰণে গ্ৰীণ জ'নৰ জিলাসমূহত যথেষ্ট পৰিমাণে শিথিল হৈ পৰিব লকডাউন।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, অসমৰ ৩৩ খন জিলাৰ ৩০ খনেই গ্ৰীণ জ’নৰ অন্তৰ্ভুক্ত হৈছে। এয়া অসমবাসীৰ বাবে মহামাৰীৰ সময়ত সৌভাগ্যৰ কথা বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ গ্ৰীণ জ’ন যাতে কোনো কাৰণতে অৰেঞ্জ আৰু ৰেড জ’ন হ’বলগীয়া নহয় তাৰ বাবে সমূহ অসমবাসীক সামাজিক দূৰত্ব বৰ্তাই ৰাখি সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনাইছে।