ডিফুঃ শণিবাৰে নিশা ডিফুত তীব্ৰবেগী ৱাগেনাৰৰ খুন্দাত প্ৰাণ গ'ল এজন মাংস ব্যৱসায়ীৰ ৷  ব্যৱসায়ী গৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ মৃত ব্যৱসায়ী গৰাকীৰ কণিষ্ঠ ভাতৃয়ে আৰক্ষীক দিয়া এজাহাৰৰ মতে যোৱা নিশা তেওঁৰ জ্যেষ্ঠ ভাতৃ বনচিং ৰংফাৰে নিশা ৰংখেলানত থকা দোকান বন্ধ কৰি প্ৰায় ১০-২০ বজাত  ৰংথিয়াং স্থিত নিজ গৃহাভিমূখে গৈ থকা অৱস্থাত একে দিশে মাঞ্জা ফালৰ পৰা ডিফু অভিমূখে আহি থকা ৰূপালী AS 09E 0945 ৰঙৰ ৱাগেনাৰ গাড়ীখনে তীব্ৰবেগে আৰু অসাৱধানতাৰে পদ পথেৰে গৈ থকা বনচিং ৰংফাৰক খুন্দিয়াই আহত কৰে ৷ জানিব পৰা মতে গাড়ীখনৰ দুৰ্ঘটনাতো সংঘটিত কৰি দূৰ্ঘটনাগ্ৰস্থ গাড়ীখন এৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ৷  

গুৰুতৰ ভাবে আহত ৰংফাৰক ডিফু চিভিল হাস্পাতালত চিকিৎসাৰ বাবে নিয়া হয় যদিও বনচিং ৰংফাৰৰ মৃত্যু হয় ৷ মৃত বনচিং ৰংফাৰৰ প্ৰকৃত ঘৰ ডকমকাৰ কিৰি গাঁৱত ৷ দূৰ্ঘটনাগ্ৰস্থ গাড়ীখন বৰ্তমান আৰক্ষীৰ জিম্মাত যদিও আৰক্ষীয়ে চালকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷