ডিফুঃ ডিফুৰ ক্ৰীড়াপ্ৰেমীলৈ এক সুখবৰ! অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপ ২০১৯ লৈ ডিফুৰ জীয়ৰী ৰেংচাজীৰ টি কিলিংপী নিৰ্বাচিত হৈছে৷

৬, ৭ আৰু ৮ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া অল ইণ্ডিয়া কেৰাটে ডু চেম্পিয়নশ্বিপৰ ২১ বছৰ অনুৰ্ধ ৫০ কিল'গ্ৰাম শাখাত নিৰ্বাচিত হৈছে ৰেংচাজিৰ টি কিলিংপী৷

যোৱা বছৰ নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হোৱা উত্তৰ পূব কেৰাটে চেম্পিয়নশ্বিপত ৰেংচাজিৰ টি কিলিংপীয়ে সোণৰ পদক লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

ৰেংচাজিৰ টি কিলিংপী ডিফু থানা পথ ৰংমংবে'ৰ নিবাসী পূৰ্ণ তিমুঙ আৰু জেচিন্তা হাঞ্চেপীৰ কণ্যা৷ পুনৰ ৰেংচাজিৰে অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপৰপৰা সোণ বুটলি পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ক্ৰীড়াপ্ৰেমীসকল আশাবাদী হৈ আছে।