newsnextone.com। শিৱসাগৰঃ ৰাষ্ট্রীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থাই শুক্রবাৰ আৰু শনিবাৰে আয়োজন কৰা প্রৰ্থমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্রম(DLED)ৰ অন্তৰ্গত দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষাৰ প্রশ্ন কাকতত হোৱা বিসংগতি দেখি হতবাক হৈ পৰিছে সকলো শিক্ষাৰ্থী। এই ঘটনাক লৈ সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে যে, এইয়াই অসমীয়া ভাষাৰ শ্মশান যাত্রা নেকি?
যি সকলে ভাষা আন্দোলনৰ কাৰণে নিজৰ প্রাণ আহুতি দিছিল সেই সকলক জাতীয় দল সংগঠনে পাহৰি গ’ল নেকি?এসময়ত আমি নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰিম নেকি? কিয় অসমীয়া ভাষাত অত্যাধিক বাংলা ভাষাৰ প্রয়োগ।