কামপুৰঃ নগাঁৱৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুটুমাৰীৰ পৰা দিন দুপৰত অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটি নিয়ে নগদ ধন৷ জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুটুমাৰী মেনগাঁৱত বুধবাৰে দিন দুপৰতে এগৰাকী লোকক বাটভেটি দুৰ্বৃত্তই লুটি নিয়ে ১ লাখ ৮০ হাজাৰ টকা।
লুটুমাৰী অঞ্চলৰ পৰা বন্ধন গোটৰ ধন সংগ্ৰহ কৰি বেংকটোৰ কৰ্মচাৰী নকুল দেৱনাথে যমুনামুখলৈ আহি থকা অৱস্থাত মেনগাঁৱৰ নিৰ্জন ঠাইত পূৰ্বৰ ৰৈ থকা অস্ত্ৰধাৰী তিনি দূৰ্বৃত্তই বন্দুক আৰু ডেগাৰ ডিঙিত লগাই টকাখিনি লুটি লৈ যায়৷