বাৰপূজীয়াঃ মৰিগাঁও জিলা আৰক্ষীয়ে লেকাম লগাব একাংশ উদণ্ড বাইক আৰোহীক৷ অনুজ্ঞাপত্ৰ অবিহনে, হেলমেট পৰিধান নকৰাকৈ একাংশ কম বয়সীয়া যুৱকে ৰাজপথত নিয়ম নামানি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এনে বাইক আৰোহীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷
মৰিগাঁও চহৰৰ লগত আন আন ঠাইতো আৰক্ষী আৰু যান-বাহন নিয়ন্ত্ৰণ শাখাৰ লোকে পথত তালাচী বহুৱাই অভিযান চলাই অহা পৰিলক্ষিত হৈছে৷ তালাচী কালত প্ৰায় সংখ্যাক কম বয়সীয়া যুৱকে বাইক চলোৱাৰ লগতে নথি-পত্ৰ অবিহনে চলোৱাত আৰক্ষীয়ে জৰিমনা বিহে৷