গোৰেশ্বৰঃ সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত হোৱাটো দুৰৰ কথা ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগৰ কাৰ্যালয়ে এতিয়া সুৰক্ষিত নহয়৷ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু আৰক্ষী থানাৰ পৰা মাথো ১০০ মিটাৰ নিলগৰ এটি চৰকাৰী কাৰ্যালয়ত চুৰি কাণ্ড সংঘটিত হোৱাত এই প্ৰশ্নই উত্থাপন হৈছে৷
এসময়ৰ অসমৰ অন্যতম বৃহৎ জলসিঞ্চন প্ৰকল্প শুক্লা জলসিঞ্চন প্ৰকল্প। ইয়াকে কেন্দ্ৰ কৰি গঠন হোৱা শুক্লা জলসিঞ্চন সংমণ্ডল এতিয়া ঠিকাদাৰৰ বাবে ধনসিঞ্চনত পৰিণত হোৱাৰ উত্থাপন হৈ আহিছে।