newsnextone.com | ডিব্ৰুগড়ঃ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যুজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অসমত গৃহযুদ্ধৰ পৰিবেশ সৃষ্টি হোৱা বুলি কোৱাৰ লগতে অসমলৈ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি আহি অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে মমতা বেনাৰ্জী আৰু দলৰ বিৰুদ্ধে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে দুলীয়াজানত অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি অাৰু গোৰ্খা ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে মমত বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।