Home ৰাজ্যতামুলপুৰত সমাজত ভাতৃত্ববোধৰ পৰিবেশ গঢ়ি তোলাৰ বাবে বাণী বিলালে SSB-এ

তামুলপুৰত সমাজত ভাতৃত্ববোধৰ পৰিবেশ গঢ়ি তোলাৰ বাবে বাণী বিলালে SSB-এ

by News Desk
59 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ শনিবাৰে এছএছবিৰ ২৪নং বাহিনীয়ে তামুলপুৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি সমাজত ভাতৃত্ববোধৰ পৰিবেশ গঢ়ি তোলাৰ বাণী বিলাই। সংস্কৃতিয়েহে মানুহক হত্যা-হিংসা, বেয়া চিন্তাৰ পৰা মুক্ত কৰিব পাৰে। সংস্কৃতিয়ে জীৱন সুন্দৰ কৰে। এই মন্ত্ৰৰে এছএছবিৰ ২৪নং বাহিনীয়ে তামুলপুৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। কেইবাশতাধিক লোক উপস্থিত থাকি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে।
 
বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত নাগ্ৰীজুলিৰ গুৱাবাৰীত এছএছবিৰ ৰঙিয়াস্থিত ২৪নং বাহিনীয়ে সামাজিক চেতনা অভিযান চলাই। অভিযানত বিহু, নেপালী, বাঙালী নৃত্য প্ৰদৰ্শন কৰা হয়। তাৰ লগে লগে এছএছবিৰ ২৪ নং বাহিনীয়ে লিটেল স্কুল নামৰ শিক্ষানুষ্ঠানক বাদ্য যন্ত্ৰ প্ৰদান কৰে। 

নৃত্য প্ৰদৰ্শন কৰা যুৱতীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ৰঙিয়াস্থিত ২৪নং বাহিনী এছএছবিৰ কমাণ্ডেট কেএছ নৌটিয়াল, নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টীৰ এমচিএলএ ধৰ্ম নাৰায়ন দাস, বিটিচিৰ প্ৰাক্তন এমচিএলএ ৰবিন্দ্ৰবালা বিশ্বাস, স্থানীয় ৰাইজ আৰু এছ এছ বি জোৱান উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0