গুৱাহাটীঃ আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ নিৰ্বাচনত ছেমিফাইনেল হিচাপে বিবেচিত পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনাত এতিয়ালৈকে কংগ্ৰেছে আগবাঢ়ি আছে৷
এশ নিৰানব্বৈখন আসনৰ ৰাজস্থান বিধানসভাত দিনৰ ১১.৩০ বজাত পৰ্যন্ত কংগ্ৰেছে ৯৫ খন আসনত আগবাঢ়ি আছে৷ শাসনাধিস্থিত বি জে পিয়ে ৮০ খন আসনত আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে৷ একেদৰে চত্তীশগড়তো ৯০ খন আসনযুক্ত বিধানসভাত ৫৭ খন আসনত কংগ্ৰেছ আগবাঢ়ি থকাৰ বিপৰীতে শাসকীয় বি জে পিয়ে মাত্ৰ ২৪ খন আসনকহে আগবাঢ়ি আছে৷