newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বাৰামুলা জিলাৰ ৰফিয়াবাদত পুনৰ সেনাৰ গুলি নিহত হৈছে ৪ সন্ত্ৰাসবাদী। ফৰিয়াবাদৰ ঘন জংঘলত লুকাই থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়তে সেনাৰে সংঘৰ্ষ লাগে সন্ত্ৰাসবাদীয়ে। সংঘৰ্ষত ৪ গৰাকী সন্ত্ৰাসবাদী নিহত হয়> বৰ্তমানেও এগৰাকী সন্ত্ৰাসবাদী থিতাপি লৈ থকাত সেনাই অভিযান চলাই গৈছে।
আৰক্ষীৰ মতে সন্ত্ৰাসবাদী সন্দৰ্ভত বিশেষ খবৰ লাভ কৰাৰ ফলত সেনাই ৰফিয়াবাদৰ বন এলেকা ঘেৰি লৈ তীব্ৰ অভিযান চলাই। বনৰ মাজত থিতাপি লৈ থকা সন্ত্ৰাসবাদীয়ে সেই সময়l নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলিচালনা কৰে। তাৰ লগে লগে দুয়োপক্ষৰ দীৰ্ঘ সময় সংঘৰ্ষ লগাত ৪ সন্ত্ৰাসবাদী নিহত হয়।